ETV Bharat / state

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী - উচিত দৰমহা আদায়

শীঘ্ৰে দাবী নিষ্পতি কৰি উচিত দৰমহা আদায় নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী
author img

By

Published : Sep 5, 2019, 11:21 PM IST

যোৰহাট, 5 চেপ্তেম্বৰঃ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সুৰক্ষা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী ৷ এছ আই এছ নামৰ প্ৰতিষ্ঠানটোৰ অধীনত অৰ্ধশতাধিক সুৰক্ষা কৰ্মীক বিগত এপ্ৰিল মাহৰ দৰমহা প্ৰদান নকৰাৰ লগতে চুক্তি স্বাক্ষৰ মতে পাবলগিয়া দৰমহাতকৈ বহু কম দৰমহা প্ৰদান কৰাৰ বাবে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৰ্মীসকলে ৷ শীঘ্ৰে দাবী নিষ্পতি কৰি উচিত দৰমহা আদায় নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ দিয়ে ৷

ৰাজ্যখনত একাংশ বহিৰাগত প্ৰতিষ্ঠানৰ মইমতালিৰ ফলত এতিয়া সাধাৰণ মানুহে জীয়াতু ভুগিব লগা হোৱাটো স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে । এই ক্ষেত্ৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসাশনিক বিভাগৰ লগতে জিলা প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সুৰক্ষা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী।।

সঘনাই অপ্ৰীতিকৰ পৰিষ্ঠিতি সংঘটিত হোৱা যোৰহাট চিকিৎসা মহাবিদ্যালয়খনত সুৰক্ষা কৰ্মী সকলে অনিষ্ট কালৰ বাবে কৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ফলত চিকিৎসা মহাবিদ্যালয়ৰ খনত ঘটনা পুনৰ সংঘটিত হোৱা নুই কৰিব নোৱাৰি।কাৰণ সুৰক্ষা কৰ্মী সকলে প্ৰতিটো সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।তেনেসময়তে কৰ্মী সকলে আজিৰ পৰা কৰা প্ৰতিবাদী কাৰ্যসূচী ফলত চিকিৎসা মহাবিদ্যালয়ৰ খনৰ সুৰক্ষা দিশটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে।এছ আই এছ নামৰ প্ৰতিষ্ঠান টোৰ অধিনত অৰ্ধশতাধিক সুৰক্ষা কৰ্মীক বিগত এপ্ৰিল মাহৰ দৰমহা প্ৰদান নকৰাৰ লগতে চুক্তি স্বাক্ষৰ মতে পাবলগিয়া দৰমহা তকৈ বহু কম দৰমহা প্ৰদান কৰি অহাৰ ফলত সুৰক্ষা কৰ্মী সকলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে।যদি এছ আই এছ প্ৰতিষ্ঠান টোৱে অতিশীৰ্যে দাবী নিষ্পতি কৰি উচিত দৰমহা নকৰে তেনেহলে অনিদিষ্ট কালৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিব।যাৰফলত চিকিৎসা মহাবিদ্যালয়ৰ খনৰ ৰোগী তথা চিকিৎসা সেৱাত বৰ্তী থকা কৰ্মচাৰীৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব‌।ৰাজ্যখনত একাংশ বহিৰাগত প্ৰতিষ্ঠানৰ মইমতালিৰ ফলত এতিয়া সাধাৰণ মানুহে জিয়াটো ভুগিব লগিযা হোৱাটো স্বাভাৱিক ঘটনালৈ পৰিণত হৈছে।এই ক্ষেত্ৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসাশনিক বিভাগৰ লগতে জিলা প্ৰশাসনে কি ভুমিকা গ্ৰহণ কৰে উল্লেখনীয় হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.