ETV Bharat / state

জাৱৰৰ দ'মলৈ নিক্ষেপ দলৰ নেতৃত্বৰ ফটো - প্ৰতিবাদ

ফটো দাহ কৰি প্ৰতিবাদ সাব্যস্ত অসম গণ পৰিষদ দলৰ কৰ্মীৰ

জাৱৰৰ দ'মলৈ নিক্ষেপ দলৰ নেতৃত্বৰ ফটো
author img

By

Published : Mar 15, 2019, 9:28 PM IST

যোৰহাট,15 মাৰ্চ : তৃণমূল কৰ্মীক সম্পূৰ্ণ অন্ধকাৰত ৰাখি বিজেপিৰে পুনৰ মিত্ৰতাক লৈ যোৰহাট জিলাৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত জিলা সমিতি আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সভা । এই সভাত বিজেপিৰ সৈতে মিত্ৰতা কৰা নেতৃত্বক ধিক্কাৰ দিয়াৰ লগতে অতি শীঘ্ৰে অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰাৰ দাবী জনায় যোৰহাট জিলা সমিতিয়ে ।

জাৱৰৰ দ'মলৈ নিক্ষেপ দলৰ নেতৃত্বৰ ফটো

উল্লেখ্য যে,যোৰহাট জিলা কাৰ্যালয়ৰ শোভা বৰ্ধন কৰা কেন্দ্ৰীয় নেতৃত্ব অতুল বৰা ,কেশৱ মহন্ত, ফনীভূষণ চৌধুৰী , ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ফটো জাৱৰৰ দ'মলৈ দলিয়াই দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কৰ্মীয়ে ।

কেৱল এয়াই নহয়,অসম গণ পৰিষদ দলৰ মুষ্টিমেয় নেতৃত্বই বিজেপিৰ লগত কৰা নিৰ্বাচনী মিত্ৰতাক এক অগণতান্ত্ৰিক,চৰম সুবিধাবাদী বুজাপৰা বুলি অভিহিত কৰে যোৰহাট জিলা সমিতিৰ কৰ্মীসকলে । ৰাজ্যিক কাৰ্যনিবাহক ঐকমত্যৰ বিপৰীতে একাংশ নেতৃত্ব আৰু জিলাসমূহৰ কেতবোৰ স্তাবকৰ সমৰ্থনত মিত্ৰতাৰ বাবে অগ্ৰসৰ হোৱা নেতৃত্বই মাজনিশা হোৱা চুক্তিৰ দফাসমূহ শীঘ্ৰে ৰাজহুৱা কৰাৰ দাবী জনায় কৰ্মীসকলে ৷

আনহাতে মিত্ৰতা সন্দৰ্ভত জিলা সমিতিৰ হৈ জিলা সভাপতি আৰু সম্পাদকদ্বয়ে কি পৰামৰ্শ অগপ নেতৃত্বক দিলে অথবা প্ৰস্তাৱ দিলে লগতে জিলা কাৰ্যনিৰ্বাহক অনুষ্ঠিত নকৰাকৈ কেনেকৈ মিত্ৰতাৰ প্ৰতি সমৰ্থন আগবঢ়ালে ,এই বিষয়ে স্থিতি স্পষ্ট কৰিবলৈও দাবী জনায় জিলা কাৰ্যনিৰ্বাহক সভাই ৷

Intro:জাৱৰৰ দমলৈ নিক্ষেপ দলৰ নেতৃত্ব।।দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ অসম গণ পৰিষদৰ কৰ্মীৰ।

Body:অসমৰ নিৰ্বাচনৰ বতৰত এতিয়া জুই।ক্ষুভৰ জুই একাংশ কৰ্মীৰ।তৃণমূল কৰ্মীয়ে নিবিচাৰে নেতৃত্বৰ বিজেপি সৈতে মিত্ৰতা।তৃণমূল কৰ্মীক সম্পূৰ্ণ অন্ধকাৰত ৰাখি পুনৰ বিজেপিৰ সৈতে কৰা পুনৰ মিত্ৰতা লৈ যোৰহাট জিলাৰ অসম গণ পৰিষদৰ কায্যলয়ত জিলা সমিতিৰ আৰু তৃণমূল পয্যায়ৰ বহু কৰ্মীৰ উপস্থিতিত গূৰুত্বপূৰ্ন সভা।সভাত আলোচনা মৰ্মে বিজেপিৰ সৈতে মিত্ৰতা কৰা নেতৃত্বক ধিক্কাৰ দিয়াৰ লগতে অতি শীৰ্ঘ্ৰে অসম গণ।পৰিষদৰ পৰা পদত্যাগ কৰিবলৈ দাবী কৰিলে।যোৰহাট জিলা সমিতিয়ে।উল্লেখযোগ্য যে যোৰহাট জিলা কায্যলয়ৰ সুভা বৰ্ধন কৰা কেন্দ্ৰীয় নেতৃত্ব নেতা অতুল বৰা ,কেশৱ মহন্ত, ফনীভুশন চৌধুৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ফটো জাৱৰৰ দমলৈ দলিয়াই পেলাই দাহ কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।

অসম গণ পৰিষদৰ দলৰ মুষ্ঠিমেয় নেতৃত্ব ই বিজেপিৰ লগত কৰা নিৰ্বাচনী মিত্ৰতা ক এক অগণতান্তিক,চৰম সূবিধাবাদী বুজাপৰা বুলি অভিহিত কৰে যোৰহাট জিলা সমিতিৰ কৰ্মীয়ে।ৰাজ্যিক কাৰ্যনিবাহক ঐকমত্যৰ বিপৰীতে একাংশ নেতৃত্ব আৰু জিলা সমুহৰ কেতবোৰ স্তাবকৰ সমৰ্থনত মিত্ৰতাৰ বাবে অগ্ৰসৰ হোৱা নেতৃত্ব ই মাজনিশা হোৱা চুক্তিৰ দফা সমুহ অতিশীঘ্ৰে ৰাজহুৱা কৰাৰ দাবী জনাই।আনহাতে মিত্ৰতাৰ সন্দৰ্ভত জিলা সমিতিৰ হৈ জিলা সভাপতি আৰু সম্পাদকদ্বয়ে কি পৰামৰ্শ অগপ নেতৃত্বক দিলে অথবা প্ৰস্তাৱ দিলে লগতে জিলা কাৰ্যনিৰ্বাহক অনুষ্ঠিত নকৰাকৈ কেনেকৈ মিত্ৰতাৰ প্ৰতি সমৰ্থন আগবঢ়ালে এই বিষয়ে স্হিতি স্পষ্ট কৰিবলৈ জিলা কাৰ্যনিৰ্বাহক সভাই দাবী কৰে।

Conclusion:অসমৰ জাতীয় জীৱনৰ অংগ স্বৰূপ অসম গণ পৰিষদৰ একাংশ কেন্দ্ৰীয় নেতৃত্ব ই বিজেপিৰ সৈতে নিৰ্বাচনী মিত্ৰতা ই আগন্তুক লোক সভা নিৰ্বাচনত কি সুচাইছে।তৃণমূল কৰ্মীৰ অবিহনে সফল হবনৈ অগপৰ বিজেপিৰে মিত্ৰতা কৰা নেতৃত্বৰ।সেইয়া সময়ে কব।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.