ETV Bharat / state

Protest in Jorhat: ৰঙামাটিত নৱনিৰ্মিত টোলগেটৰ বিৰোধিতাৰে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ - টোলগেটৰ বিৰোধিতাৰে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

যোৰহাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটিত ৩৭ নং ৰাষ্টীয় ঘাইপথত নৱনিৰ্মিত টোলগেটখন বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (newly constructed toll gate at Rangamati) ৷

protest against newly constructed toll gate in Rangamati
ৰঙামাটিত নৱনিৰ্মিত টোলগেটৰ বিৰোধিতাৰে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ
author img

By

Published : May 28, 2023, 6:23 PM IST

ৰঙামাটিত নৱনিৰ্মিত টোলগেটৰ বিৰোধিতাৰে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

যোৰহাট, 28 মে’: ৩৭ নং ৰাষ্টীয় ঘাইপথত পুনৰ আন এখন টোলগেট নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে (Protest in Jorhat) । যোৰহাট জিলাৰ দেৰগাঁৱৰ ৰঙামাটিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে স্থাপন কৰাৰ টোলগেটখনৰ কাম প্ৰায় 90 শতাংশই সম্পূৰ্ণ হৈছে (newly constructed toll gate at Rangamati) ৷ ফলত দেওবাৰে টোলগেটখন বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰী নেতাসকলে অভিযোগ উত্থাপন কৰি কয় যে, নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা হৈছে ৰঙামাটিৰ এই টোলগেটখন । আৰ টি আই তথ্য মতে সমগ্ৰ দেশৰ ১৮৯ খন টোলগেট আইন বহিৰ্ভূতভাৱে নিৰ্মাণ কৰাৰ হৈছে আৰু ইয়াৰে চাৰিখন টোলগেট অসমৰ ।

ইফালে পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে সদনৰ মজিয়াত কৈছিল যে ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেটসমূহৰ দূৰত্ব 60 কিঃমিঃ হোৱাটো বাঞ্চনীয় (Minister Nitin Gadkari) ৷ ৬০ কিলোমিটাৰতকৈ কম দূৰত্বত দুখনকৈ টোলগেট কেতিয়াও স্থাপন কৰিব নোৱাৰিব। কিন্তু তাৰ পিচতো ৰঙামাটি আৰু ৰঙাজান মাজৰ ব্যৱধান ৬০ কিলোমিটাৰতকৈও কম হোৱা স্বত্বেও দুখনকৈ টোলগেট কিয় নিৰ্মাণ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰী নেতাসকলে ৷ এয়া আইন বহিৰ্ভূত হয় নে নহয় বুলি প্ৰশ্ন উথাপন কৰিছে প্ৰতিবদাকাৰী নেতাসকলে।

ইফালে পৌৰ এলেকাৰ ১০ কিলোমিটাৰ ব্যৱধানৰ ভিতৰত কোনো টোলগেট স্থাপন কৰিব নোৱাৰে, কিন্তু ৰঙামাটি টোলগেট পৌৰ এলেকাৰ ৭ কিলোমিটাৰ ব্যৱধানতহে আছে । সেয়েহে সকলো আইন কানুন জলাঞ্জলি দি শাসনাধীষ্ঠ বিজেপি চৰকাৰে এনেদৰে কৰৰ উপৰি কৰ জাপি দিছে সাধাৰণ জনতাৰ ওপৰত । সেয়ে ৰঙামাটিত স্থাপন কৰা এই টোলগেট বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে ৰঙামাটি টোলগেটখন বন্ধ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক: Goalpara Civil Hospital incident: চিকিৎসকক প্ৰহাৰ ৰোগীৰ পৰিয়ালৰ, আটক দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.