টীয়ক, 10 জুন: একাংশ চৰকাৰী বিদ্যালয়ক একত্ৰিকৰণ কৰাৰ বাবে ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সমান্তৰালকৈ চৰকাৰী নিৰ্দেশনামৰ্মে যোৰহাট জিলাৰ টীয়কৰ মধ্য যোৰহাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত দচুক মাজগাঁও প্ৰাথমিক বিদ্যালয়ক দাঁতিকাষৰীয়া ৪০১ নং খঙীয়া মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰি পাঠদান আৰম্ভ কৰিব লাগে যদিও এই ক্ষেত্ৰত এতিয়া বাধা প্ৰদান কৰিছে বিদ্যালয়ৰ মাতৃগোট, যুৱ পৰিষদকে আদি কৰি গাঁৱৰ ৰাইজে(Protest against merging of school at teok in Jorhat) ৷
বৰ্তমান চৰকাৰৰ এই নিৰ্দেশনা কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি বিদ্যালয়ৰ প্ৰয়োজনীয় নথি পত্ৰ প্ৰধান শিক্ষয়ত্ৰীক দিবলৈ অমান্তি হৈছে বিদ্যালয়ৰ মাতৃগোট, যুৱ পৰিষদকে ধৰি গাঁৱৰ ৰাইজে ৷
আনহাতে, বিদ্যালয়ৰ একত্ৰিকৰণ কৰিলে হ'বলগীয়া সমস্যাসমূহৰ কথা ৰাজহুৱাকৈ লিখিতভাৱে বিদ্যালয় পৰিদৰ্শক তথা উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰাৰ পিচত ইয়াৰ ওপৰত পুনৰ পৰ্যবেক্ষণ কৰা হ'ব বুলি ৰাইজক আশ্বাস প্ৰদান কৰে বিদ্যালয়ৰ কতৃপক্ষই ।
ইফালে প্ৰধান শিক্ষয়ত্ৰীগৰাকীৰ প্ৰতি তেওঁলোকৰ কোনো আক্ষেপ নাই বুলি মন্তব্য কৰে যদিও উচিত সিদ্ধান্ত নোহোৱা পৰ্যন্ত ৰাইজে বিদ্যালয়ৰ কোনো নথিপত্ৰ জমা নিদিয়াৰ হুংকাৰ প্ৰদান কৰে । ইপিনে, উক্ত বিদ্যালয়সহ প্ৰধান শিক্ষয়ত্ৰীয়ে খঙীয়া মাজগাঁও প্ৰাথমিক বিদ্যালয়ৰ সৈতে একত্ৰিকৰণ কৰিছে যদিও নথিপত্ৰসমূহ লাভ নকৰাত চৰকাৰী সিদ্ধান্ত অৱলম্বন কৰাত যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে ।
সেয়ে প্ৰধান শিক্ষয়ত্ৰীগৰাকীয়ে এতিয়া বিপাঙত পৰি এই ক্ষেত্ৰত অনতিপলমে ৰাইজ তথা চৰকাৰী দুয়োটা পক্ষৰ সৈতে আলোচনা কৰি সমস্যাটোৰ সমাধানৰ পথ বিচাৰি উলিয়াবলৈ উৰ্ধতম কৰ্তৃপক্ষক কাঁতৰ আহ্বান জনাইছে ।
লগতে পঢ়ক : উচ্চতৰ মাধ্যমিকত নামভৰ্তিৰ বাবে আজিৰে পৰা আৰম্ভ অনলাইন আবেদন প্ৰক্ৰিয়া