ETV Bharat / state

অব্যাহত আছে গণসংগ্ৰাম : চৰকাৰৰ বিৰুদ্ধে ক্ষোভ অসমীয়াৰ

author img

By

Published : Dec 16, 2019, 8:25 PM IST

শাম কটা নাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে বৰ্তমান আৰম্ভ হৈছে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন ৷ অনশন আৰু শান্তি সমদলেৰে অসমীয়াই চলাই গৈছে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে গণসংগ্ৰাম ৷ সোমবাৰে ৰাজ্যজুৰি গণসত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গ'ল আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতাই ৷

protest against caa in all over assam
ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব সংশোধন আইন বিৰোধী প্ৰতিবাদ

নিউজ ডেস্ক, 16 ডিচেম্বৰঃ চৰকাৰৰ হঠকাৰী সিদ্ধান্ত,উত্তেজিত অসমীয়া আৰু উত্তপ্ত অসম ৷ অসমীয়া ৰাইজৰ আবেগ-অনুভূতিক নস্যাৎ কৰি কেন্দ্ৰীয় চৰকাৰে জাপি দিলে নাগৰিকত্ব সংশোধনী আইন ৷ ৰাইজে নামানে নতুন আইন,চৰকাৰে নামানে ৰাইজৰ আন্দোলন,এনেদৰেই চলিছে বৰ্তমান অসমৰ পৰিস্থিতি ৷ কিন্তু শাম কটা নাই নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে বৰ্তমান আৰম্ভ হৈছে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন ৷ অনশন আৰু শান্তি সমদলেৰে অসমীয়াই চলাই গৈছে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে গণ সংগ্ৰাম ৷ সোমবাৰে ৰাজ্যজুৰি গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গ'ল আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতাই ৷ কোনো কাৰণতেই যেন চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ ওচৰত নতজানু হ'ব খোজা নাই অসমীয়া ৷

protest against caa in all over assam
ৰাজ্যৰ প্ৰতিটো প্ৰান্তত শুনা গৈছে চৰকাৰ বিৰোধী শ্ল'গান

12 ডিচেম্বৰ, বৃহস্পতিবাৰ ৷ গুৱাহাটী,দৰং,ডিব্ৰুগড়,যোৰহাটকে আদি কৰি ৰাজ্যৰ প্ৰায়কেইখন জিলাত দেখা গ'ল অগ্নিগৰ্ভা পৰিস্থিতি ৷ ৰাজপথত দাউ দাউকৈ জ্বলিছিল টায়াৰ,ট্ৰেফিক পইণ্ট,বিভিন্ন বাহন ৷ তাৰ পাচতেই আৰম্ভ হয় প্ৰতিবাদকাৰীৰ ওপৰত সেনা-আৰক্ষীৰ নিৰ্বিচাৰ লাঠিচাৰ্জ আৰু গুলীচালনা ৷ জাৰী কৰা হৈছিল সান্ধ্য আইন ৷ বৰ্তমানলৈকে পাঁচজন নিৰীহই প্ৰাণ হেৰুৱালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত ৷ তথাপিও নিজৰ স্থিতিত অটল চৰকাৰ ৷

protest against caa in all over assam
নিশাৰ ভাগত বৰ্তমানেও অব্যাহত আছে সান্ধ্য আইন
কঠোৰভাৱে ৰাষ্ট্ৰযন্ত্ৰই আন্দোলনটো দমন কৰিব খুজিছিল যদিও সফল নহ'ল ৷ 14 ডিচেম্বৰৰ পৰা শান্তিৰে গণ প্ৰতিবাদ আৰম্ভ কৰিলে অসমৰ জনতাই ৷ তিনিচুকীয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰে ৰাইজ ওলাই আহিল গণ আন্দোলনলৈ ৷ শিল্পী-সাহিত্যিক,সাংবাদিক সমন্বিতে সমাজৰ ভিন্নস্তৰৰ লোকে বিৰোধিতা জনাইছে এই আইনৰ ৷ আন্দোলনৰ ফলত অচল হৈ পৰিছিল ৰাজ্যখনত সাধাৰণ জীৱন যাত্ৰা ৷ অৱশ্যে সোমবাৰৰ পৰা কিছু স্বাভাৱিক হোৱা দেখাগৈছে বহু কেইখন জিলাৰ জনজীৱন ৷

আন্দোলনৰ উগ্ৰতা ক্ৰমাৎ নোহোৱা হৈছে যদিও,আশ্বস্ত হ'ব পৰা নাই চৰকাৰ ৷ যাৰ ফলত ব্যাহত কৰি ৰখা হৈছে ইন্টাৰনেট সেৱা,সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হোৱা নাই সান্ধ্য আইন ৷ কিন্তু চৰকাৰে হাজাৰ চেষ্টা কৰিও স্তব্ধ কৰিব পৰা নাই জাতিপ্ৰেমী ৰাইজৰ গণবিপ্লৱ ৷ এতিয়া প্ৰশ্ন হয় কিমান দিনলৈ অব্যাহত থাকিব এই আন্দোলন,অথবা চৰকাৰে আন্দোলন মষিমূৰ কৰিবলৈ গ্ৰহণ কৰিব নেকি আন কোনো কৌশলী পন্থা ৷

লগতে পঢ়কঃপ্ৰতিবাদকাৰীৰ লগত অংশ ল'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই

Intro:Body:

CAA PROTEST OVER ALL

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.