ETV Bharat / state

Lachit Sena: লাচিত সেনা পাবত গজা সংগঠন নহয়; সংবাদমেলযোগে স্পষ্টীকৰণ - জাতীয় সংগঠন

টীয়কত সংবাদমেল সম্বোধন কৰি লাচিত সেনাৰ বিষ্ফোৰণ ৷ বীৰ লাচিত সেনা চৰকাৰী পঞ্জীয়ন ভুক্ত এক সংস্থা ৷ চৰকাৰী অনুদান লৈ কাম কৰা সংস্থাই ৰাইজৰ হকে মাত মাতিব কেনেকৈ বুলি প্ৰশ্ন লাচিত সেনাৰ ৷ লাচিত সেনা পাবত গজা সংগঠন নহয় বুলিও মন্তব্য ৷

Press Meet Of Lachit Sena at Teok
সংবাদমেল সম্বোধন কৰি লাচিত সেনাৰ বিষ্ফোৰণ
author img

By

Published : Aug 6, 2023, 10:46 PM IST

টীয়কত লাচিত সেনাৰ সংবাদমেল

টীয়ক, 6 আগষ্ট : বীৰ লাচিত সেনা আৰু লাচিত সেনা নামৰ দুই জাতীয় সংগঠনৰ নেতৃত্বৰ মাজত চলি থকা বাদানুবাদৰ মাজতে টীয়কত লাচিত সেনাই এক সংবাদমেল আয়োজন কৰি লাচিত সেনাৰ অৱস্থিতি সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰাৰ লগতে বীৰ লাচিত সেনা সন্দৰ্ভত কেতবোৰ বিষ্ফোৰক মন্তব্য আগবঢ়ায় ৷

উল্লেখযোগ্য যে লাচিত সেনা পাবত গজা সংগঠন বুলি সামাজিক মাধ্যমৰ লগতে বীৰ লাচিত সেনাৰ একাংশ সদস্যই প্ৰচাৰ চলোৱা কাৰ্যৰ বাবে নিজৰ স্থিতি স্পষ্ট কৰাৰ উদ্দেশ্যে আয়োজিত সংবাদমেলত লাচিত সেনাৰ সভাপতি অমৰ বৰুৱাই কয় যে বীৰ লাচিত সেনা গঠন হৈছিল ২০১০ চনত আৰু তেওঁ আছিল বীৰ লাচিত সেনাৰ প্ৰতিষ্ঠাপক সভাপতি ৷ জাতিৰ স্বাৰ্থত কাম কৰাৰ উদ্দেশ্যে গঠন হোৱা সংগঠনটোৰ একাংশ নেতাৰ কেতবোৰ জাতি বিৰোধী কাৰ্যকলাপৰ বাবে ২০১২ চনত বীৰ লাচিত সেনা ত্যাগ কৰা বুলি মন্তব্য প্ৰদান কৰে বৰুৱাই ।

বিশেষকৈ গুৱাহাটীৰ গড়চুকত অৱস্থিত ঐতিহাসিক লাচিত গড় একাংশ অনা অসমীয়াই দখল কৰা কাৰ্যৰ বিৰুদ্ধে সংগঠনটোৰ সচিবগৰাকীয়ে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা কাৰ্যত ক্ষুণ্ণ হৈ বীৰ লাচিত সেনা ত্যাগ কৰি লাচিত সেনাত যোগদান কৰিছিল বুলি উল্লেখ কৰে অমৰ বৰুৱাই ৷ একাংশ লোকে প্ৰচাৰ কৰাৰ দৰে লাচিত সেনা ভুৱা সংগঠন নহয় বুলি কয় তেওঁ ৷ ১৯৬৭ চনত একাংশ জাতি হিতৈষী লোকৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠিছিল সংগঠন লাচিত সেনা ৷ কেতবোৰ কাৰকৰ বাবে নিষ্ক্ৰিয় হৈ থকা সংগঠনটোক শক্তিশালী ৰূপত গঢ় দিয়া হয় আৰু এই পৰ্যন্ত ৰাজ্যখনৰ ন খন জিলা সমিতিয়ে সক্ৰিয়তাৰে কাম-কাজ অব্যাহত ৰাখিছে বুলি মন্তব্য কৰে নেতাজনে।

তেনেস্থলত লাচিত সেনা এটা ভুৱা সংগঠন বুলি প্ৰচাৰ চলোৱা সকলে সত্যৰ অপলাপ কৰা বুলি মতপোষণ কৰে লাচিত সেনাৰ সভাপতি অমৰ বৰুৱাই ৷ বীৰ লাচিত সেনা চৰকাৰী পঞ্জীয়নভুক্ত এটা সামাজিক সংস্থা বুলি অভিহিত কৰি সংবাদমেলত বৰুৱাই কয় চৰকাৰী পঞ্জীয়নভুক্ত হোৱাৰ বাবে বিভিন্ন সময়ত বীৰ লাচিত সেনাই আঁচনি ৰূপায়ণৰ নামত চৰকাৰী পুঁজি গ্ৰহণ কৰে ৷

এই পুঁজি গ্ৰহণ কৰাৰ উদাহৰণ দাঙি ধৰি লাচিত সেনাৰ সভাপতিগৰাকীয়ে কয় যে টীয়ক সমষ্টিৰ মেলেংৰ সমীপত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপনৰ নামত বিশ লাখ টকাৰ অনুদান লাভ কৰিছিল যদিও আজিও সম্পূৰ্ণ হৈ নুঠিল বৰফুকনৰ প্ৰতিমূৰ্তি ৷

চৰকাৰী অনুদান গ্ৰহণ কৰা বীৰ লাচিত সেনাই জাতিৰ স্বাৰ্থত কি কাম কৰিব বুলিও প্ৰশ্ন কৰে লাচিত সেনাৰ সভাপতিগৰাকীয়ে ৷ সংবাদমেল আয়োজন কৰি বীৰ লাচিত সেনাৰ বিৰুদ্ধে লাচিত সেনাই কৰা এই বিষ্ফোৰণৰ প্ৰত্যুত্তৰ বীৰ লাচিত সেনাই কেনেদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : Akhil Gogoi on Price Hike: চৰকাৰৰ নীতিৰ বাবে অত্যাৱশ্যকীয় সমগ্রীৰ দামবৃদ্ধি হৈছে; অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.