ETV Bharat / state

ৰাষ্ট্ৰপতিয়ে ভাৰ্চুৱেলী মুকলি কৰিব লাচিত বৰফুকন মৈডাম উন্নয়ন প্ৰকল্প - বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী

শুকুৰবাৰে অসমত উপস্থিত হ'ল দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ বিয়লি কলাক্ষেত্ৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি যোৰহাটৰ টীয়কৰ ঐতিহাসিক লাচিত বৰফুকন মৈডাম উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

president-virtually-launch-lachit-borphukan-maidan-development-project
ৰাষ্ট্ৰপতিয়ে ভাৰ্চুৱেলী মুকলি কৰিব লাচিত বৰফুকন মৈডাম উন্নয়ন প্ৰকল্প
author img

By

Published : Feb 25, 2022, 2:12 PM IST

টিয়ক, 25 ফেব্ৰুৱাৰী: তিনিদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হ'ল দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷ পুৱাই গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ মা কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজভৱনতেই কিছু সময় জিৰণি লৈ ৰাজভৱনতেই দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব ।

ৰাষ্ট্ৰপতিয়ে ভাৰ্চুৱেলী মুকলি কৰিব লাচিত বৰফুকন মৈডাম উন্নয়ন প্ৰকল্প

বিয়লি 5 বাজি 30 মিনিটৰ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষ্যে কলাক্ষেত্ৰত আয়োজিত এখন সভাত উপস্থিত থাকি অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেলভাৱে যোৰহাটৰ টীয়কৰ ঐতিহাসিক লাচিত বৰফুকনৰ মৈডাম প্ৰাংগণত ৫০ বিঘা ভূমিত লাচিত বৰফুকন মৈডাম উন্নয়ন প্ৰকল্পৰ শুভ উদ্বোধন কৰিব(President virtually launch Lachit Borphukan Maidan ) ।

ইয়াকে লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে সমগ্ৰ যোৰহাট নগৰবাসী ৷ পুৱাৰে পৰাই বীৰ লাচিত বৰফুকনৰ মৈডাম প্ৰাংগণত যথেষ্ট ভিৰ পৰিলক্ষিত হয় ৷ ৰং তুলিকাৰে সজাই পৰাই তোলা হৈছে জাতীয় বীৰ গৰাকীৰ সমাধিস্থলী । ইফালে জিলা প্ৰশাসনৰ সহযোগত উদ্যোক্তাসকলে ভাৰ্চুৱেল ব্যৱস্থাৰে ৰাইজক প্ৰত্যক্ষ কৰাৰ উদ্দেশ্যে লাচিত মৈডামৰ প্ৰাংগণত LED স্কীণৰ ব্যৱস্থা কৰাৰ লগতে সকলো ৰাইজে যাতে ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণ শুনিব পাৰে তাৰো বিশেষ ব্যৱস্থা কৰিছে । বৰ্তমান ৰাজ্য চৰকাৰৰ এই পদক্ষেপক সমূহ অসমবাসীয়ে আদৰণি জনাইছে ৷

লগতে পঢ়ক : President Kovind in Assam : অসমত উপস্থিত ৰাষ্ট্ৰপতি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.