যোৰহাট, 25 জুন: এক দীঘলীয়া সময়ৰ পাছত পুনৰ উজলি উঠিল যোৰহাটৰ ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয় ৷ সুদীৰ্ঘ 9 বছৰৰ পাছত, বৃহস্পতিবাৰে ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত মহাবিদ্যালয় খনৰ পৰা স্থান লাভ কৰিলে এজন কৃতিমান ছাত্ৰই ৷ বাণিজ্য শাখাত পঞ্চম স্থান অৰ্জন কৰি মহাবিদ্যালয় খনলৈ ক্ৰমাৎ হেৰুৱা গৌৰৱ ঘূৰাই আনিলে যোৰহাট টিয়কৰ অংকুৰ জ্যোতি ভূঞাই ৷
এই খবৰ বিয়পি পৰাৰ পাছতেই মহাবিদ্যালয় খনত বয় আনন্দৰ বন্যা ৷ আনন্দত উৎফুল্লিত হৈ পৰে মহাবিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলৰ লগতে মহাবিদ্যালয় খনৰ অধ্যক্ষ ডঃ বিমল বৰা ৷
ছাত্ৰ জনৰ এই সফলতা সন্দৰ্ভত নিজৰ অনুভৱ প্ৰকাশ কৰি মহাবিদ্যালয় খনৰ অধ্যক্ষ গৰাকীয়ে কয় যে, স্থান লাভৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ ফলতেই বহু সময়ত চৰকাৰী শিক্ষানুষ্ঠান সমুহত তুলনামূলকভাৱে ভাল ফলাফল হোৱাৰ পিছতো প্ৰকৃত প্ৰচাৰ নহয় ৷ এতিয়া কেৱল স্থান প্ৰাপ্তৰ সংখ্যাই এখন শিক্ষানুষ্ঠানৰ সফলতা নিৰূপণ কৰাৰ দৰে হৈছে বুলি মন্তব্য কৰি কেৱল স্থান প্ৰাপকৰ সংখ্যাই সকলো সফলতা নহয় বুলি মন্তব্য কৰে অধ্যক্ষ ডঃ বিমল বৰাই ৷
লগতে হেৰুৱা পৰিৱেশ এটা ঘূৰাই পোৱাৰ বাবে অতিশয় আনন্দিত হোৱা বুলি জনালে অধ্যক্ষ গৰাকীয়ে ৷ আনহাতে সুদীৰ্ঘ সময়ৰ শেষত জগন্নাথ বৰুৱা মহাবিদ্যালয়লৈ হেৰুৱা গৌৰৱ ওভতাই আনিব পাৰি নিজকে সৌভাগ্যবান বুলি ভৱা বুলি জনালে অংকুৰ জ্যোতি ভূঞাই ৷ ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ হেঁপাহ মন পুহি ৰাখিছে অংকুৰে ৷
লগতে পঢ়কঃ ডিব্ৰুগড়ত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ: বৃদ্ধি পাইছে জলস্তৰ