টীয়ক, 28 ছেপ্টেম্বৰ: টীয়কৰ জাঁজীত জৰাজীৰ্ণ মথাউৰি নিৰ্মাণ নকৰাত ক্ষোভিত হৈ পৰে নৈপৰীয়া ৰাইজ ৷ উল্লেখ্য যে, টীয়ক বিধান সভা সমষ্টিৰ অন্তৰ্গত জাঁজী চুড়ামণি অঞ্চলত জাঁজী নদীৰ মথাউৰিটো দীৰ্ঘদিন মেৰামতি নকৰাৰ ফলত সম্প্ৰতি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ।
এই মথাউৰিটোৰ ওপৰেদি নিতৌ অহা-যোৱা কৰে প্ৰায় 15-20 খন গাঁৱৰ ৰাইজ । ইপিনে নৈপৰীয়া ৰাইজৰ যাতায়তৰ একমাত্ৰ পথ হিচাপে বিবেচিত হৈ অহা এই মথাউৰিটো অঞ্চলটোৰ ৰাইজৰ ৰক্ষা কৱচ । কিন্তু জাঁজী নদীৰ এই মথাউৰিটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত এতিয়া জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ।
এজাক সামান্য বৰষুণতে এই মথাউৰিটো বোকাময় হৈ পৰা পৰিলক্ষিত হৈছে ৷ এই মথাউৰিটো মেৰামতিৰ বাবে অঞ্চলবাসীয়ে জিলা প্ৰশাসন, বিধায়িকা ৰেণুপমা ৰাজখোৱাক বহুবাৰ অনুৰোধ জনাইছে যদিও বৰ্তমানো কোনো সুফল নোপোৱাত ক্ষোভিত হৈ পৰে নৈপৰীয়া ৰাইজ ।
ইপিনে মুখ্যমন্ত্ৰী, জলসম্পদ মন্ত্ৰীয়ে বাৰিষাৰ পূৰ্বেই জৰাজীৰ্ণ মথাউৰি মেৰামতিৰ নিৰ্দেশ দিছিল যদিও জাঁজী দলঙৰ পৰা তামুলীছিগা পৰ্যন্ত জাঁজী নদীৰ মথাউৰিটোৰ মেৰামতিৰ নামত কোনো ব্যৱস্থা লোৱা হোৱা নাই ৷
লগতে পঢ়ক : সত্যৰঞ্জন বৰাই মুছলমানক গালি দিয়াৰ সলনি হিন্দুৰ হৈ মাত নামাতে কিয় ?