টীয়ক,7 মে’ : যোৰহাট জিলাৰ টীয়কত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত ৰূপ ৷ 21’ চনৰ ভিতৰতে এই ফ’ৰলেনযুক্ত পথৰ কাম সম্পূৰ্ণ হ’ব বুলি সোণোৱাল চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান 50 শতাংশ কামো সম্পূৰ্ণ হৈ পৰিলক্ষিত নহ’ল ৷ ইফালে কাপোৰ সলোৱাদি সলনি হৈছে ফ’ৰলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থা ৷ যাৰ ফলস্বৰূপে স্থৱিৰ হৈ পৰিছে নিৰ্মাণ কাৰ্য । শেহতীয়াকৈ ‘লিংকন এণ্ড ডিগনিটি’ নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছিল যদিও সংস্থাটোৱে আধাতেই কাম এৰি আঁতৰি যোৱাত স্তব্ধ হৈ পৰিছে নিৰ্মাণ কাৰ্য । ক’ৰবাত যদি ৰাজপথৰ মাজত আধা নিৰ্মাণতে ৰৈছে পুল, দলং আন ক’ৰবাত ক'ৰবাত আকৌ উন্মুক্ত হৈ আছে নলা ৷
লিংকনৰ পূৰ্বে আইচ’লেক্স, জিডিচিএল নামৰ নিৰ্মাণ সংস্থা দুটাও উক্ত পথচোৱাৰ নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত আছিল । দুবছৰ পূৰ্বেই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টীয়কৰ ঘাইপথচোৱাৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিছিল ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ তদাৰকী সংস্থা এনএইচআইডিচিএলক । কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশেও যেন গা লৰাব নোৱাৰিলে সংশ্লিষ্ট সংস্থাটোক ।
গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, ইতিমধ্যে এই সংস্থাটোৱে দলং নিৰ্মাণৰ বাবে কাকজান, টীয়ক, মুদৈজান আদি নৈৰ ওপৰত যি নিৰ্মাণ কাৰ্য চলাইছিল, তাৰ ফলস্বৰূপে এই নৈসমূহৰ পানীৰ গতিপথ সলনি কৰা হৈছিল ৷ কিন্তু আজি অৰ্ধনিৰ্মিত হৈ থকা এই নিৰ্মাণ কাৰ্যই অনাগত বাৰিষাৰ বতৰত যে স্থানীয় ৰাইজৰ বাবে বিভীষিকা কঢ়িয়াই আনিব সেয়া নিশ্চিত ৷ ইয়াকে লৈ এতিয়া আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।
ক’ভিডৰ ভয়াৱহতাৰ সমান্তৰালকৈ টীয়কৰ নগৰৰ বাণিজ্যিক ক্ষেত্ৰখনলৈও এই আধৰুৱা পথ নিৰ্মাণে প্ৰতিগৰাকী ব্যৱসায়ীক বাৰুকৈ জুৰুলা কৰিছে । সেয়ে এতিয়া নতুন চৰকাৰখনক নিখুঁতভাৱে সকলো কাম-কাজ আগবঢ়াই নিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ।
লগতে পঢ়ক : তিনিচুকীয়াৰ আটকাধীন আবকাৰী অধীক্ষকৰ ভাড়াঘৰত তালাচী অভিযান