ETV Bharat / state

Polluted water in the tea factory: চাহ ফেক্টৰীৰ বিষাক্ত পানীয়ে জ্বলাকলা খুৱাইছে গাঁওবাসীক - টীয়কৰ চাহ ফেক্টৰী

টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত কলীয়াপানীস্থিত চুঙীবাৰী চাহ ফেক্টৰীটোৰ (Chungibari tea factory) কৰ্তৃপক্ষই নলাৰে ফেক্টৰীৰ অতি বিষাক্ত আৰু দুৰ্গন্ধযুক্ত পানী জনাঞ্চললৈ এৰি দিয়াৰ ফলত দুৰ্ভোগ ভুগিছে গাওঁবাসীয়ে (Polluted water in the tea factory) ৷

Polluted water in the tea factory at Teok
চাহ ফেক্টৰীৰ বিষাক্ত পানীয়ে জ্বলা-কলা দেখুৱাইছে গাঁওবাসীক
author img

By

Published : Oct 28, 2022, 9:18 PM IST

টীয়ক, 28 অক্টোবৰ: টীয়কৰ চাহ ফেক্টৰীৰ বৰ্জিত বিষাক্ত আৰু দুষিত পানীয়ে বিপৰ্যস্ত কৰিছে এখন গাঁৱৰ জনজীৱন ৷ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত কলীয়াপানীস্থিত চুঙীবাৰী চাহ ফেক্টৰীটোৰ (Chungibari tea factory) কৰ্তৃপক্ষই নলাৰে ফেক্টৰীৰ অতি বিষাক্ত আৰু দুৰ্গন্ধযুক্ত পানী জনাঞ্চললৈ এৰি দিয়াৰ ফলত দুৰ্ভোগ ভুগিছে গাওঁবাসীয়ে (Polluted water in the tea factory) ৷

চাহ ফেক্টৰীৰ বিষাক্ত পানীয়ে জ্বলাকলা খুৱাইছে গাঁওবাসীক

ফেক্টৰী কৰ্তৃপক্ষৰ এই কাণ্ডৰ পাছতে কলীয়াপানী আদৰ্শ গাঁৱৰ বৃহৎ অঞ্চলটোৰ দুই সহস্ৰাধিক লোকে যমৰ যান্ত্ৰণা ভুগিবলগীয়া হৈছে (Polluted water in the tea factory at Teok)। এই বিষাক্ত পানী সেৱন কৰাৰ ফলত গৰু,ছাগলীৰ মৃত্যু হোৱাৰ উপৰি ফিছাৰীৰ মাছ, হাঁহ আদিৰ মৃত্যু হৈছে ৷ বাগিচা কৰ্তৃপক্ষৰ এনে কাণ্ডৰ বিৰুদ্ধে গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে তৎকালে ইয়াৰ প্ৰতিকাৰৰ দাবী জনাইছে ৷

এই সন্দৰ্ভত গাঁৱৰ লোকে কয় যে ফেক্টৰীৰ পৰা ওলোৱা দুৰ্গন্ধময় পানীৰ ফলত নিকটৱৰ্তী দুখন বিদ্যালয়ত পাঠদান কৰিব পৰা নাই শিক্ষক-শিক্ষয়িত্ৰীয়ে ৷ শিশুসকলক মধ্যাহ্ন ভোজন দিয়া হৈছে যদিও দুৰ্গন্ধৰ ফলত তেওঁলোকে খাবলৈ নিবিচাৰে ৷

ইফালে স্থানীয় যুৱ ছাত্ৰ পৰিষদৰ এটা দলে শুকুৰবাৰে অঞ্চলটো পৰিদৰ্শন কৰি এনে অবিবেচক কাণ্ডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে । এই সন্দৰ্ভত যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই কয় যে কলীয়াপানীৰ যি চুঙীবাৰী চাহ ফেক্টৰী আছে তাৰ পৰা ওলোৱা অপ্ৰয়োজনীয় পানী খিনি তেওঁলোকে অপৰিকল্পিতভাৱে কলীয়া পানী আদৰ্শ গাঁৱলৈ এৰি দিয়াৰ ফলত গাঁওখনত থকা 400 ৰো অধিক পৰিয়ালে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷

এই পৰিয়ালকেইটাৰ জীৱন যাপন কৰাত একপ্ৰকাৰ ভাবুকিৰ সৃষ্টি হৈছে ৷ এই বিষয়ে ইমান চৰ্চা হৈ থকাৰ পিছতো যোৰহাট জিলা উপায়ুক্তকে ধৰি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কোনো ব্যৱস্থা নোলোৱাটো গৰিহনাৰ যোগ্য ৷

আনহাতে এই অভিযোগ সন্দৰ্ভত ফেক্টৰীৰ কৰ্মকৰ্তাই কয়, "দেৱালীৰ কেইদিনত নেৰানেপেৰা বৰষুণ হোৱাৰ ফলত চাহ ফেক্টৰীত থকা আৱৰ্জনবোৰ ওলাই গাঁৱৰ হোলাৰে গৈ গাঁওখনত পৰেগৈ ৷ আমি ইতিমধ্যে গাঁওখনলৈ আমাৰ এটা দল জৰীপ কৰিবলৈ পঠাইছো, গাঁৱৰ লোকৰ যি যি ক্ষতি হৈছে আমি সকলো ক্ষতিপূৰণ দিবলৈ পৰিকল্পনা কৰিছো ৷ ইয়াৰোপৰি আমি পানীত ব্লিছিং অথবা ফিটকিৰি দিবলৈ ব্যৱস্থা কৰিছো ৷ অনাগত দিনত এনেকুৱা ঘটনা পুনৰাই নহয় যাতে তাৰ বাবে আমি ব্যৱস্থা হাতত লম ৷"

লগতে পঢ়ক: Railway Guard Wall: সোণাপুৰত খহি পৰিল ৰে’ল বিভাগৰ দ্বাৰা নিৰ্মাণৰত গাৰ্ড ৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.