টীয়ক, 1 মাৰ্চ : অসমৰ সাংস্কৃতিক জগতৰ পৰা বহু কেইজন শিল্পীয়ে ৰাজনীতিৰ দিশে যাত্ৰা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্যেষ্ঠ কৌতুক অভিনেতা অতুল পাচনিয়ে ৷ টীয়কৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনে আয়োজন কৰা সংস্কাৰ জনজাগৰণ যাত্ৰাৰ এক পথ সভাত অংশগ্ৰহণ কৰি জ্যেষ্ঠ কৌতুক অভিনেতা গৰাকীয়ে কয়, শিল্পীসকলে কৃষ্টি-সংস্কৃতিৰ পথাৰলৈ আহি ৰাজনৈতিক পথাৰলৈ যোৱাটো অতি দুৰ্ভাগ্যজনক ৷
লগতে অভিনেতা গৰাকীয়ে কয়, ৰাজনীতিৰ অ-আ, ক-খ তথা ব্যাকৰণ নজনাকৈয়ে বহু শিল্পী ৰাজনীতিলৈ ঢাপলি মেলিছে ৷ যদি কেনেবাকৈ সেইসকল ৰাজনৈতিকভাৱে অপৰিপক্ক শিল্পীয়ে ভৱিষ্যতে জনপ্ৰতিনিধি হয়, তেন্তে ৰাজনৈতিক জগতৰ বাবে ই অধিক ক্ষতিকাৰক হ'ব ৷ গতিকে ৰাজনৈতিক দলসমূহকো এই ক্ষেত্ৰত কিছু সজাগ আৰু সু-চিন্তা কৰিবলৈ আহ্বান জনাইছে অভিনেতা গৰাকীয়ে ৷
লগতে পঢ়ক: নিৰ্বাচনক কেন্দ্ৰ কৰি টীয়কত প্ৰশাসনৰ তৎপৰতা