ETV Bharat / state

চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ 602 পৃষ্ঠাৰ ছাৰ্জ চীট দাখিল আৰক্ষীৰ - আৰক্ষী মহা প্ৰৱন্ধক জি ভি শ্ৰীভ প্ৰসাদ

ক্ষীপ্ৰতাৰে চলিছে ডাঃ দেবেন দত্ত হত্যাকাণ্ডৰ তদন্ত ৷ সৰ্বমুঠ 602 পৃষ্ঠাৰ ছাৰ্জ চীট দাখিল আৰক্ষীৰ ৷ সাক্ষী হিচাপে 60 জনক ব্যৱহাৰ কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত মুঠ 20 ভিডিঅ' ৰেকডিং সংগ্ৰহ ৷

চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ 602 পৃষ্ঠাৰ ছাৰ্জ চীট দাখিল আৰক্ষীৰ
author img

By

Published : Sep 23, 2019, 11:07 PM IST

যোৰহাট, 23 ছেপ্টেম্বৰঃ ৰাজ্য কপোৱা টীয়ক চাহ বাগিচাত চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডৰ ছাৰ্জ চীট দাখিল যোৰহাট আৰক্ষীৰ । মাত্ৰ 22 দিনৰ ভিতৰতে দাখিল কৰিবলৈ সক্ষম হৈছে ছাৰ্জ চীট । ইতিমধ্যে ঘটনাৰ লগত জড়িত 32 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ সোমবাৰে সংবামেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে আৰক্ষী মহা প্ৰৱন্ধক জি ভি শ্ৰীভ প্ৰসাদে । সংবাদমেলত তেওঁ জনাই যে আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে ঘটনাৰ তদন্ত চলাইছিল ৷ এই ক্ষেত্ৰত সৰ্বমুঠ 602 পৃষ্ঠাৰ ছাৰ্জ চীট দাখিল কৰা লগতে সমগ্ৰ ঘটনাৰ সাক্ষী হিচাপে 60 জনক ব্যৱহাৰ কৰিছে বুলি আৰক্ষী মহা প্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইতিমধ্যে সাক্ষী সকলৰ সম্পূৰ্ণ সুৰক্ষাৰ দিশটোত গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে । উল্লেখযোগ্য যে, আৰক্ষীয়ে নিজস্ব ভাৱে ঘটনা সন্দৰ্ভত মুঠ 20 ভিডিঅ' ৰেকডিং সংগ্ৰহ কৰিছে ।

ৰাজ্য কপোৱা টিয়ক কান্ডৰ ছাৰ্জ চীট দাখিল যোৰহাট আৰক্ষীৰ।।মাত্ৰ ২২ দিনৰ ভিতৰতে দাখিল কৰিবলৈ সক্ষম ছাৰ্জ চীট।।ইতিমধ্যে ৩২ জনক গ্ৰেপ্তাৰ।।

৩১ আগষ্ট।এটা কালিকা লগা দিন আছিল চিকিৎসক ডেবেন দত্তৰ বাবে।বাগিচাৰ এজন কৰ্মচাৰী মৃত্যুৰ দায়ী কৰি গণ হত্যাৰ বলি হৈছিল চিকিৎসক ডেবেন দত্ত।এই ঘটনাই সমগ্ৰ ৰাজ্য লগতে দেশৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰিছিল ব্যাপক প্ৰতিক্ৰিয়া।দেবেন দত্তৰ মৃত্যুৰ বাতৰিয়ে সমগ্র ৰাজ্য খনৰ চিকিৎসা সেৱা ব্যৱস্থাত পেলাইছিল প্ৰভাৱ।বন্ধ হৈ পৰিছিল দুটা দিনৰ বাবে চিকিৎসা সেৱা।

এই ঘটনা কিদৰে সংঘটিত হৈছিল তথা কিমান সময়ৰ ভিতৰত হৈছিল লগতে কোন কোন জড়িত আছিল সমগ্র ঘটনা বৰ্ণনাই যোৰহাটত উপ আৰক্ষী মহাপ্ৰবন্ধকৰ সংবাদ মেল যোগেদি।

বিগত ৩১ আগষ্টত টিয়ক চাহ বাগিচাত এদল উন্মাদ জনতাৰ ৰোষৰ বলি হৈ মৃত্যুক আকোৱালি লবলগীয়া হোৱা ড০দেৱেন দত্তৰ হত্যাৰ অভিযোগত যোৰহাট আৰক্ষীয়ে এতিয়ালৈকে ৩২ জন লোকক গ্ৰেপ্তাৰ কৰিছে।এই কথা এক সংবাদ মেল যোগে উল্লেখ কৰে আৰক্ষী মহা প্ৰবন্ধক জি ভি শ্ৰীভ প্ৰসাদে।
লগতে আৰক্ষী মহা প্ৰবন্ধক গৰাকীয়ে জনাই যে মাত্ৰ ২২ দিনতেই দাখিল কৰা হয় চাৰ্জচিট, কিয়নো আৰক্ষীয়ে অতি ক্ষীপ্ৰতাৰে চলাইছিল তদন্ত।সৰ্বমুঠ ৬০২ পৃষ্ঠাৰ ছাৰ্জ চীট দাখিল কৰা লগতে সমগ্র ঘটনাৰ সাক্ষী হিছাপে ৬০ জনক সাক্ষী হিচাবে ব্যৱহাৰ কৰিছে।ইতিমধ্যে সাক্ষী সকলৰ সম্পূৰ্ণ সুৰক্ষা দিশটোত গুৰুত্ব আৰোপ কৰি সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে।উল্লেখযোগ্য যে আৰক্ষীয়ে নিজস্ব ভাৱে মুঠ ২০ টা ঘটনাৰ সংঘটিত হোৱা তথা সমগ্র ঘটনাৰ ৰেকডিংৰ ভিডিঅ সংগ্ৰহ কৰিছে।

।টিয়ক চাহ বাগিচাৰ ঘটনা সম্পৰ্কত চাহ বাগিচাৰ পৰিচালক মনোজ গগৈয়ে দিয়া এজাহাৰ ভিক্তিত সমগ্র ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে মনোজ মাঝি নামৰ এজন যূৱকক গ্ৰপ্তাৰ কৰিছে।সমগ্র ঘটনাৰ লগত উচতনিমূলক ভাষ্য তথা প্ৰত্যক্ষ ভাৱে সহযোগিতা কৰাৰ সন্দেহত আৰক্ষীয়ে গ্ৰপ্তাৰ কৰিছে মাঝিক।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.