ETV Bharat / state

এখন বিধেয়কক লৈ দোমোজাত ৰাজ্যৰ চাহ উদ্যোগীসকল - কীট-পতংগ নিয়ন্ত্ৰণ

Pesticide Management Bill 2017 গৃহিত হ'লে খেতিত কীটনাশক ব্যৱহাৰৰ ক্ষেত্ৰত আহি পৰিব বাধ্য বাধকতা ৷ যাক লৈ দোমোজাত পৰিছে অসমৰ একাংশ চাহ উদ্যোগৰ লগত জড়িত লোক ৷

Pesticide Management Bill 2017
Pesticide Management Bill 2017
author img

By

Published : Jun 10, 2020, 7:37 PM IST

নিউজ ডেস্ক, 10 জুনঃ কীট-পতংগ নিয়ন্ত্ৰণ এনে এক ব্যৱস্থা,য’ত শস্য ৰক্ষাৰ বিভিন্ন পদ্ধতি অৱলম্বন কৰি, শস্যৰ লগতে মানুহৰ স্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতাও সু-নিশ্চিত কৰে । কিন্তু প্ৰায়েই ইয়াৰ বিপৰীত ছবিও প্ৰতিফলিত হয় ৷ শস্যৰ উৎপাদন বৃদ্ধিৰ বাবে যধে-মধে ব্যৱহাৰ কৰা হয় কীট নাশক দ্ৰব্য ৷ কিন্তু এতিয়াৰে পৰা কৃষি ক্ষেত্ৰত কীটনাশক ব্যৱহাৰত কিছু সাৱধান হ'ব লাগিব ৷ কাৰণ আহি আছে এখন নতুন বিধেয়ক ৷ Pesticide Management Bill 2017 ইতিমধ্যেই ৰাজ্যসভাত দাখিল কৰা হৈছে ৷ এই বিধেয়কখন গৃহিত হ'লেই কীটনাশক ব্যৱহাৰৰ ক্ষেত্ৰত বাধ্য বাধকতা আহি পৰিব ৷ সমান্তৰালভাৱে কৃষক আৰু বিক্ৰেতাও ৰাসায়নিক কীটনাশক দ্ৰব্য ব্যৱহাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনা মানি চলিব লাগিব ৷ যাৰ বাবে এই বিধেয়কখনক লৈ এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমৰ চাহ উদ্যোগী সকলৰ মাজত ৷

ৰাসায়নিক কীটনাশক ব্যৱহাৰে হ্ৰাস কৰে চাহপাতৰ গুণাগুণ

এফালে যদি কীটনাশক বিধেয়কখনক লৈ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে সন্তুষ্টি প্ৰকাশ কৰিছে, আনফালে বিধেয়কখনক লৈ দোমোজাত পৰিছে আন একাংশ লোক ৷ উল্লেখ্য যে,কেটাৰপিলাৰ,লুপাৰ,ৰেড স্পাইডাৰকে আদি কীট-পতংগ সাধাৰণতে চাহ খেতিৰ বাবে সমস্যাৰ হৈ আহিছে ৷ ফলত চাহ গছত ব্যৱহাৰ কৰা হয় ৰাসায়নিক কীট নাশক ৷ যি মানৱ শৰীৰৰ বাবে ক্ষতিকাৰক হিচাপে পৰিগণিত হৈ আহিছে ৷ একেদৰে গুণাগুণৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে ৰাসায়নিক কীট নাশকে ৷ বিদেশলৈ অসমৰ চাহ ৰপ্তানিৰ ক্ষেত্ৰতো বাধাৰ প্ৰচীৰ হিচাপে থিয় দিছে ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ ৷

এখন বিধেয়কক লৈ দোমোজাত চাহ উদ্যোগীসকল

কিন্তু এই বিধেয়কে সন্তুষ্টি প্ৰদান কৰিছে একাংশ চাহ উদ্যোগীক ৷ তেওঁলোকৰ মতে এই বিধেয়ক বলৱৎ হোৱাৰ পিচত যধে মধে হৈ অহা কীটনাশক বিক্ৰীত লাগিব এক বিৰাম ৷ আনহাতে ভাৰতীয় চাহ সংস্থা অসম শাখাৰ সভাপতি দীপাঞ্জল ডেকাই উল্লেখ কৰা অনুসৰি, অসমত যিটো হাৰত চাহ খেতিত কীট-পতংগই আক্ৰমণ কৰে তেনেস্থলত কেন্দ্ৰীয় চৰকাৰে উপস্থাপন কৰা কীটনাশক বিধেয়কখনে সুফল দিব নোৱাৰিব ৷ কিয়নো জৈৱিক সাৰ কেৱল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ খেতিতহে ব্যৱৱহাযোগ্য ৷ ই অসমৰ বৃহৎ চাহ বাগিছা সমূহৰ বাবে ফলপ্ৰসু নহয় ৷

এখন বিধেয়কক লৈ দোমোজাত চাহ উদ্যোগীসকল
Pesticide Management Bill 2017ক লৈ দোমোজা একাংশ চাহ উদ্যোগীৰ মাজত

এতিয়া এই বিধেয়কখনক লৈ দোমোজাত পৰিছে অসমৰ একাংশ চাহ উদ্যোগৰ লগত জড়িত লোক ৷ কিয়নো অতিমাত্ৰা ৰাসয়নিক সাৰ ব্যৱহাৰে চাহৰ গুণাগুণত বিৰূপ প্ৰভাৱ পেলায় যদিও,সাৰ ব্যৱহাৰ নকৰিলেও চাহ খেতি ভিন্ন কীট-পতংগই নষ্ট কৰাৰো আশংকা প্ৰৱল ৷

লগতে পঢ়কঃ ৰাজ্যৰ মূগাপালক সকলৰ বাবে এটা সুখবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.