ETV Bharat / state

মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব 500 টকা জৰিমাণা ! - ডেইজী শইকীয়া

ৰাজ্য চৰকাৰে COVID-১৯ বিৰুদ্ধে হোৱা যুঁজ খনৰ ফলত স্বাস্থ্য বিভাগৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত উপলব্ধ জৰুৰীকালীন সেৱা সমূহ ইতিমধ্যে অধিগ্ৰহণ কৰা হৈছে । যাৰফলত আন আন ৰোগৰ চিকিৎসা লগতে আই চি উ নাটনি হোৱাৰ পৰিলক্ষিত হৈ পৰিছে । যাতে কৰ'ণা যুজৰ লগতে আন আন গুৰুত্বপূৰ্ণ ৰোগ সমূহৰ বিৰুদ্ধে যুঁজিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৫০ বিচনাযুক্ত আই চি ইউ ভৱন মুকলি ৰাইজৰ বাবে ।

PEOPLE ROAMING WITHOUT MASK HAVE TO PAY FINE OF  500 RUPEES

author img

By

Published : May 11, 2020, 4:29 PM IST

যোৰহাট, 11 মে' : COVID-১৯ ৰ ৰোগীৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আই চি ইউৰ ব্যৱস্থাৰ কৰাৰ ফলত আন আন ৰোগৰ ৰোগীৰ বাবে যি অসুবিধাৰ সৃষ্টি হৈছিল, সেই অসুবিধা দূৰ হ'ল । সোমবাৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে উদ্বোধন কৰে 50 খন বিচনাযুক্ত আই চি ইউ কক্ষ ৷ তেখেতে সংবাদ মাধ্যমৰ আগত কয় যে, COVID-১৯ যুঁজত আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি পি পি ই কিটৰ অসুবিধা নাই ৰাজ্যত৷ কিন্তু পি পি ই কিটৰ অপব্যৱহাৰ হ'লে জৰুৰীকালীন চিকিৎসাৰ সময়ত অসুবিধা আহি পৰে ৷ সেয়েহে অযথা পি পি ই কিটৰ ব্যৱহাৰ কৰা হোৱা নাই ৷

আনহাতে, মুম্বাইত থকা ডেইজী শইকীয়াৰ সংক্ৰান্তত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকেৰেৰ লগত ইতিমধ্যে আলোচনা কৰা হৈছে বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু মুম্বাইৰ পৰিস্থিতি বৰ্তমান ভাল হৈ থকা নাই বাবে সম্পূৰ্ণ চিকিৎসা ব্যৱস্থাৰ উপলব্ধ কৰিব পৰা হোৱা নাই ডেইজীক ।

পি পি ই কিটৰ অপব্যৱহাৰ হ'লে জৰুৰীকালীন চিকিৎসাৰ সময়ত অসুবিধা আহি পৰিব

আনহাতে 12 মে'ৰ পৰা ৰেল সেৱা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত এক প্ৰত্যাহ্বান আৰম্ভ হ'ব । যিহেতু ৰেল সমূহত ১০০০ কৈ লোক আহিব, লোক সকল পোনে পোনে ডিব্ৰুগড়ৰ ৰেল ষ্টেচনত নামিব আৰু তাতে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ'ব । স্বাস্থ্য পৰীক্ষাৰ পাচত যি সকলৰ ফলাফলত কোনো লক্ষণ পোৱা নাযাব তেওঁ লোকক নিজৰ নিজৰ জিলা লৈ যাবলৈ দিয়া হ'ব ৷ আনহাতে যদি কাৰোবাৰ লক্ষণ ধৰা পৰে তেনেহ'লে ডিব্ৰুগড়তে চিকিৎসা ব্যৱস্থা প্ৰদান কৰা হব ।

মাস্ক পৰিধান কৰক অন্যথা 500 টকা জৰিমাণা ভৰিব লাগিব !

ইয়াৰ উপৰিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে এতিয়াৰ পৰা অসমৰ ৰাইজ তথা গাঁৱৰ ৰাইজ সচেতন হ'ব লাগিব আৰু সহায় কৰিব লাগিব ৷ হোম কোৱাৰেন্টাইনত থকা ব্যক্তিসকল যাতে ঘুৰি ফুৰিব নোৱাৰে, তাৰ বাবে গাঁৱে গাঁৱে ৰাইজৰ কমিটি গঠন কৰা হ'ব । ইয়াৰ উপৰিও হোম কোৱাৰেন্টাইনত থকা লোকৰ ঘৰসমূহ কন্টেইনমেন্ট জ'ন কৰা হ'ব । এতিয়া পৰা যদি কোনো লোকে ঘৰৰ পৰা কৰ্মক্ষেত্ৰ অথবা বজাৰলৈ ওলাই আহে তেনেহলে মাক্স বা গামোচা মাৰি আহিব লাগিব,নতুবা ৫০০ টকা ফাইন কৰা হ'ব ।

লগতে পঢ়ক : চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা অৱস্থাতে মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.