ETV Bharat / state

যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে বৰ্বৰতাৰ অভিযোগ - people-complain-against-jorhat-police-for-harassment at assam jorhat etv bharat news

যুৱকক খেদি খেদি প্ৰহাৰ আৰক্ষীৰ ৷ প্ৰকৃততে ৰাইজৰ সেৱাৰ বাবে থকা একাংশ আৰক্ষীয়ে ক্ষমতাৰ ৰগীত মাতাল হৈ সুৰক্ষাৰ নামত ৰাইজৰ ওপৰত অপ্ৰয়োজনীয় ভাৱে চলাইছে নেকি বৰ্বৰ অত্যাচাৰ ?

People complain against Jorhat police for harassment
যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে বৰ্বৰতাৰ অভিযোগ
author img

By

Published : Apr 18, 2020, 10:44 AM IST

যোৰহাট,18 এপ্ৰিল: সমগ্ৰ দেশজুৰি অব্যাহত থকা কৰ'ণাৰ আতংকৰ বাবে ভাৰতত ঘোষণা কৰা হৈছে দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৷ লক ডাউন বৃদ্ধি কৰাৰ পিছতে সমগ্ৰ দেশত 20 এপ্ৰিললৈকে জনতাক ঘৰৰ ভিতৰতে সোমাই থাকিবলৈ অনুৰোধ জনাইছে চৰকাৰে ৷ কৰ'ণা মহামাৰীৰ পৰা দেশৰ জনসাধাৰণক ৰক্ষা কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰ ঘোষণা কৰা এই লক ডাউনৰ প্ৰতি সঁহাৰি জনাইছে প্ৰতিজন ভাৰতীয়ই ৷ কিন্তু তাৰ মাজতো একাংশ লোকে বিভিন্ন অজুহাত দেখুৱাই ভংগ কৰি আহিছে লক ডাউনৰ চৰকাৰী নীতি নিৰ্দেশনা ৷ সেই সকল লোকৰ বাবে কঠোৰৰ পৰা কঠোৰ হৈ পৰিছে আৰক্ষী তথা প্ৰশাসন ৷ কিন্তু তাৰ মাজতে সংঘটিত হোৱা কিছু বিক্ষিপ্ত ঘটনাই চিন্তিত কৰিছে সচেতন মহলক ৷

যোৰহাটত আৰক্ষীৰ বিৰুদ্ধে বৰ্বৰতাৰ অভিযোগ

চৰকাৰী নিৰ্দেশ অনুসৰি লক ডাউনৰ সময়ছোৱাত নিৰ্দিষ্ট নীতি নীতিমৰ মাজতে ৰাইজৰ বাবে খোলা ৰখা হৈছে কিছু জৰুৰীকালীন সেৱা ৷ যেনে ঔষধ,দৈনন্দিন প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান নিৰ্ধাৰিত সময়ত খোলা ৰখাৰ অনুমতি দিছে প্ৰশাসনে ৷ কিন্তু সেই প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা কিছু লোক সন্মুখীন হ'ব লগা হৈছে আৰক্ষীৰ বৰ্বৰতাৰ ৷ প্ৰসংগবিহীন ভাৱে লক ডাউন উলংঘা কৰা একাংশ লোকৰ বাবে যেন এতিয়া হাৰাশাস্তিৰ সন্মুখীন হ'ব লগীয়া হৈছে প্ৰয়োজনীয় কামত উলাই যোৱা বহু লোক ৷ উল্লেখ্য যে 17 এপ্ৰিলত যোৰহাটৰ কেন্দুগুৰীত জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা আৰক্ষী আৰু প্ৰশাসনৰ একাংশ বিষয়াই এজন যুৱকক খেদি খেদি মাৰ-পিট কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ যোৰহাট জিলাত ৷ ৰাইজৰ অভিযোগ অনুসৰি চিভিল ডিফেন্সৰ এটা দলে বহু সময়ত নাগৰিকক উপযুক্ত কাৰণ বিহীন ভাৱেই শাৰীৰিক ভাৱে প্ৰহাৰ কৰিছে ৷ যুৱকজনক আৰক্ষীৰ দলটোয়ে যি বৰ্বৰ অত্যাচাৰ চলালে সেই দৃশ্যই এতিয়া ভবাই তুলিছে সচেতন মহলক ৷ প্ৰকৃততে ৰাইজৰ সেৱাৰ বাবে থকা একাংশ আৰক্ষীয়ে ক্ষমতাৰ ৰগীত মাতাল হৈ সুৰক্ষাৰ নামত ৰাইজৰ ওপৰত অপ্ৰয়োজনীয় ভাৱে চলাইছে নেকি বৰ্বৰ অত্যাচাৰ ?

লগতে পঢ়কঃ নলবাৰীত পুনৰ কোৱাৰেন্টাইনত দুগৰাকী যুৱতী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.