টীয়ক, ০৮ জুলাই : যোৰহাট জিলাৰ টীয়ক পৌৰসভাৰ অন্তৰ্গত ২ নং ৱাৰ্ডটোৰ ফৌজি কলনীৰ বাসিন্দা সকলৰ যাতায়তৰ একমাত্ৰ পথটোৰ জৰাজীৰ্ণতাৰ বাবে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । এজাক সামান্য বৰষুণতে পথৰ ওপৰত আৱদ্ধ হৈ পৰা পানীৰে পথটো বোকাময় হৈ পৰে ।
ৰাইজৰ অভিযোগ অনুসৰি বিধ্বস্ত পথটো মেৰামতিৰ বাবে তেওঁলোকে ৱাৰ্ড কমিচনাৰ গৰাকীক বাৰম্বাৰ দাবী জনোৱাৰ পাচতো তেওঁ এই সন্দৰ্ভত কোনে কানসাৰ দিয়া নায় । যাৰ পৰিণতিত ৱাৰ্ডটোৰ বাসিন্দা সকলে বহু অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে । সেয়ে ক্ষুদ্ধ ৰাইজে আগন্তুক পৌৰসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়ে । ইপিনে স্থানীয় ৰাইজৰ অভিযোগ যে তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিলেও ধনৰ বলত ভোট ক্ৰয় কৰি হ'লেও নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বুলি পৌৰসভাৰ বিষয়ববীয়া গৰাকীয়ে দাবী কৰে ।