ETV Bharat / state

যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ’ণাতংক

author img

By

Published : Jul 3, 2020, 9:10 PM IST

কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ বাবে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৷ কাৰ্যালয়টোৰ দুগৰাকী কৰ্মচাৰীৰ দেহত Covid 19 ৰ উপস্থিতি ধৰা পৰাৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

Panic situation created due to covid 19 at jorhat SP Office assam etv bharat news
যোৰহাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ’ণাতংক

যোৰহাট,3 জুলাই: যোৰহাটত ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্য়া ৷ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দুগৰাকী কৰ্মচাৰী ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছত স্বাভাৱিকতে সৃষ্টি হৈছে আতংকময় পৰিৱেশ ৷ কোনো ভ্ৰমণ ইতিহাস অবিহনে কৰ্মচাৰী দুগৰাকীৰ দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰে ৷ উক্ত পৰিৱেশৰ প্ৰতি চিন্তিত হৈ জিলা প্ৰশাসনৰ লগতে উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তসকলে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ লগতে চেনিটাইজ কৰে সমগ্ৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷

উল্লেখ্য যে,বিগত কিছুদিনপূৰ্বে কাৰ্যালয়টোৰ সকলো কৰ্মচাৰীৰে স্বাৱ পৰীক্ষা কৰা হৈছিল ৷ তদুপৰি আক্ৰান্ত কৰ্মচাৰী দুগৰাকী বৃহস্পতিবাৰলৈকে কৰ্মৰত আছিল কাৰ্যালয়ত ৷ ইতিমধ্যে জিলাখনৰ পঞ্চায়ত এলেকাসমূহত জিলা উপায়ুক্তই ঘোষণা কৰিছে লক ডাউন ৷

লগতে চাওকঃ ইটিভি ভাৰতৰ বাতৰি প্ৰভাৱ : বিশ্বনাথত মেৰামতি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভগ্ন অংশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.