তিতাবৰ, 5 জুন: তিতাবৰৰ ক’লাপানীস্থিত অইলৰ বিআৰএকে ৰিগত দেওবাৰে এক দুৰ্ঘটনা সংঘটিত হয় (Accident at ONGC Kalapani drilling point) ৷ কৰ্মৰত অৱস্থাতে মৃত্যুক আকোঁৱালি ল’লে এজন অভিযন্তাই (ONGC engineer died at Titabor)৷ সৌৰভজ্যোতি পাঠক নামৰ অভিযন্তাজনে কাম কৰি থকা অৱস্থাত ওপৰৰ পৰা গধুৰ লোহাৰ পাইপ পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগেলগে বৰহোলা সামূহিক চিকিৎসালয়লৈ পাঠকক নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত যোৰহাট মেডিকেল কলেজলৈ(Jorhat Medical College) প্ৰেৰণ কৰে । কিন্তু চিকিৎসা গ্ৰহণৰ পূৰ্বেই অভিযন্তাজনৰ মৃত্যু হয় ।
অভিযোগ অনুসৰি প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় । ক’লাপানীস্থিত অইলৰ তেলখাদটোৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰ প্ৰতি কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ৷
লগতে পঢ়ক: Tourists bus accident : উত্তৰ কাশীত 200 মিটাৰ দ গৰাত বাগৰিল যাত্ৰীবাহী বাছ