যোৰহাট, ২৩ অক্টোবৰঃ যোৰহাটত পুখুৰীৰ পৰা উদ্ধাৰ হ'ল এটা অচিনাক্ত মৃতদেহ । স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হয় মৃতদেহটো ।
উল্লেখযোগ্য যে, যোৰহাটৰ শংকৰদেৱ চেমিনাৰীৰ সন্মুখত থকা পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহ এটা প্ৰথমতে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে । ঘটনাক কেন্দ্ৰ কৰি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় অঞ্চলটোত । স্থানীয় ৰাইজে পুখুৰিত উপঙি থকা আৱস্থাত মৃহদেহটো প্ৰতক্ষ কৰি আৰক্ষীক অৱগত কৰে । ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো । কলা হাফ পেন্ট আৰু বগা চোলা পৰিহিত মৃতদেহটো এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্ততহে মৃত লোকজনৰ পৰিচয় আৰু ঘটনাৰ ৰহস্য ফাদিল হ'ব ।