টীয়ক, 21 জুলাই : ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ মাজতে মঙলবাৰে যোৰহাট জিলাৰ টীয়কত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, পথাৰৰ মাজত ছিঙি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি টীয়কৰ মিলন নগৰত বিষ্টু বৰা নামৰ ৫৫ বছৰীয়া ব্যক্তি গৰাকীৰ মৃত্যু হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি, পথাৰৰ পৰা গৰু আনিবলৈ যাওঁতে টীয়ক পৰ্বতীয়া গাঁৱৰ ব্যক্তিজনৰ পথাৰৰ মাজত ছিঙি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱা ঘটনাৰ পাচতে বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে ।
উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ প্ৰায় ডেৰ ঘন্টাৰ পাচতো বিদ্যুৎ বিভাগ আৰু আৰক্ষী উক্ত স্থানত উপস্থিত নোহোৱাত ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : মোডীয়ে ডিঙিত গামোচা ল'লেই অসমক ভালপোৱা নুবুজাই : তৰুণ গগৈ