যোৰহাট, 6 মাৰ্চ : এজন সাধাৰণ ব্যক্তি অসাধাৰণ কাম । সমাজ আৰু ৰাইজ স্বাৰ্থত কাম কৰি ভাল পোৱা ব্যক্তিগৰাকী হ’ল যোৰহাট পাখিমাৰী দিব্যজ্যোতি দাস । দিব্যজ্যোতি দাসে জিলাখনৰ বিভিন্ন লেতেৰা স্থান আৰু নলা নৰ্দমাসমূহ চাফ চিকুন কৰি এক আদৰ্শ সৃষ্টি কৰিছে (Swachh Abhiyan in Jorhat) ৷
চলিত বৰ্ষৰ তিনি মাৰ্চ পৰাৰ যোৰহাট পাখিমাৰী দিব্যজ্যোতি দাসে নিজৰ পকেটৰ ধন খৰচ কৰি এজন সহযোগীক লগত লৈ যোৰহাট শিক্ষা ভৱনৰ লেতেৰা আৰু হাবি জংঘলেৰে ভৰপূৰ চৌপাশ চাফা কৰাত নিজকে আত্মনিয়োগ কৰি আহিছে ।ক্ৰমান্বয়ে দিব্যজোতি দাসে শিক্ষা ভৱনৰ চৌপাশ চাফা কৰাৰ লগতে নলা নৰ্দমাসমূহ পৰিষ্কাৰ কৰি এক সুন্দৰ পৰিৱেশ সূচনা কৰিছে ।
দিব্যজ্যোতি দাসৰ এই প্ৰশসনীয় পদক্ষেপক সকলো শলাগ জনাইছে ৷ উল্লেখ্য যে, যিসমূহ কামসমূহ যোৰহাট জিলা প্ৰশাসন তথা পৌৰসভাই কৰিব লাগিছিল সেই কাম কৰি দেখুৱালে বিব্যজোতি দাসে । কাৰো সহায় নোলোৱাকৈ এইগৰাকী ব্যক্তিয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত চাফ চিকুন কৰি আহিছে ।
লগতে পঢ়ক : Allegations for Child marriage : শহৰ আলীৰ 45 বছৰীয়া পত্নীক আৰক্ষীয়ে সজালে 16 বছৰীয়া জী
আনহাতে, যোৰহাট শিক্ষা ভৱনৰ চৌহদ অপৰিষ্কাৰ স্থানসমূহ দিব্যজ্যোতি দাসে চাফ চিকুন কৰাৰ সময়ত এক বিশেষ ঐতিহ্যও উদ্ধাৰ হয় । শিক্ষা ভৱনৰ অপৰিষ্কাৰ চৌহদৰ স্থানতে পূৰ্বতে আছিল ব্ৰিটিছ আমোলৰ শিক্ষা বিভাগৰ এক বাংলো (Old bungalow recovered in Jorhat)। গছ-গছনিৰে আৱৰি থকা পুৰণি কলীয়া ব্ৰিটিছ আমোলৰ এই বাংলোটো দিব্যজ্যোতিৰ চাফাই অভিযানৰ মাজতে ওলাই আহিল ৰাইজ মাজলৈ ৷
তাপৰ্যপূৰ্ণ যে, বিব্যজ্যোতি দাসে নিৰবিচ্ছিন্নভাৱে লেতেৰা স্থানসমূহ পৰিষ্কাৰ কৰাৰ আন এক কাৰণো আছে । 2018 বৰ্ষত দাসৰ কন্যা জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল । কাৰণ এনেবোৰ অপৰিষ্কাৰ স্থানত এনকেফেলাইটিছৰ দৰে ম'হৰ প্ৰাদুৰ্ভাৱ ঘটে (Prevention of encephalitis outbreaks) ৷ সেয়ে তেওঁ চহৰখনৰ বহু অপৰিষ্কাৰ স্থান নিজা প্ৰচেষ্টাত পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : Tourists gather at Kaliabor : কলিয়াবৰত উপস্থিত হেন্ৰী ষ্টেডমেন কটনৰ আজু নাতি