ETV Bharat / state

যোৰহাটত বিভিন্ন দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল - nomination file at jorhat

যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত দেৰগাঁও সমষ্টিৰ অগপৰ প্ৰাৰ্থী ভবেন্দ্ৰ নাথ ভৰালী, টীয়ক সমষ্টিৰ অগপৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা, যোৰহাট সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নিৰোদ চাংকাকতি আৰু দেৰগাঁও সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আনন্দ দাসে মনোনয়ন পত্ৰ দাখিল কৰে ।

যোৰহাটত বিভিন্ন দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Mar 9, 2021, 7:41 PM IST

যোৰহাট,৯ মাৰ্চ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাতো মঙলবাৰে কেইবাজনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলে একপ্ৰকাৰ ভিৰ কৰিলে যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত । মঙলবাৰে দেৰগাঁও সমষ্টিৰ অগপৰ প্ৰাৰ্থী ভবেন্দ্ৰ নাথ ভৰালী, টীয়ক সমষ্টিৰ অগপৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা, যোৰহাট সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী নিৰোদ চাংকাকতি আৰু দেৰগাঁও সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আনন্দ দাসে মনোনয়ন পত্ৰ দাখিল কৰে ।

পূৰ্বৰ সময়চোৱাত দেৰগাঁও বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবে বহু কৰণীয় আছিল যদিও সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷ কিন্তু এইবাৰ সমষ্টিটোৰ বান সমস্যাৰ স্থায়ী সমাধান, পুৰুষ-মহিলা অনুযায়ী সকলোকে কৃষিক্ষেত্ৰত স্বাৱলম্বী কৰা লক্ষ্য আগত ৰাখিছে বুলি মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ভবেন্দ্ৰ নাথ ভৰালীয়ে । উল্লেখ্য যে, যোৰহাট উপায়ুক্তৰ কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়া ধীৰাজ দাসৰ ওচৰত মনোনয়ন দাখিল কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ।

যোৰহাটত বিভিন্ন দলৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

আনহাতে, যোৰহাট বিধানসভা সমষ্টিৰ বাবে অসম জাতীয় পৰিষদৰ হৈ নিৰোদ চাংকাকতিয়ে মনোনয়ন দাখিল কৰিবলৈ আহি সাংবাদিকৰ আগত তেওঁৰ নিৰ্বাচনী ইচ্ছুসমূহৰ বিষয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: লবীকেন্দ্ৰিক ৰাজনীতিত বিধ্বস্ত কংগ্ৰেছ: কল্যাণ গগৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.