ETV Bharat / state

পৰিৱৰ্তনকামী ৰাজ্যত উন্নয়নৰ ফোঁপোলা ছবি!

author img

By

Published : Oct 21, 2019, 3:02 PM IST

পৰিৱৰ্তনৰ কথা কোৱা ৰাজ্য চৰকাৰে দেখা নাপায় উন্নয়নৰ বিপৰীত প্ৰতিচ্ছবিখন ৷ ৰাজ্যৰ বিভিন্ন স্থানত এতিয়াও নাই সাধাৰণ এখন দলং ৷ খোদ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰাইজে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ ৷

ৰাজ্যত উন্নয়নৰ ফোঁপোলা ছবি

নিউজ ডেস্ক, 21 অক্টোবৰঃ ৰাজ্যত উন্নয়নৰ নামত আচলতে কি ঘটিছে ? সঁচাকৈয়ে ৰাজ্যত উন্নয়ন সম্ভৱ হৈছেনে ? এই সকলো প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ'বনে ৰাজ্য চৰকাৰ ? আচলতে পৰিৱৰ্তনৰ কথা কোৱা ৰাজ্য চৰকাৰে দেখা নাপায় উন্নয়নৰ বিপৰীত প্ৰতিচ্ছবিখন ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও উপলব্ধ নহয় যোগাযোগ ব্যৱস্থাকে ধৰি অন্যান্য সাধাৰণ সুবিধা ৷

ৰাজ্যত উন্নয়নৰ ফোঁপোলা ছবি

লগতে পঢ়কঃ ভোটাৰৰ সমান্তৰালকৈ ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাৰ্থী তথা জনপ্ৰতিনিধিয়ে

দুৰ্নীতিৰ কথা কোৱা বিজেপি চৰকাৰৰ প্ৰতিনিধিৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে চৰকাৰী ধন শৰাধ কৰাৰ গুৰুতৰ অভিযোগ ৷ নগাঁও জিলাৰ ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ বিৰুদ্ধে বৃহত্তৰ মাধৱপুৰবাসী ৰাইজে উত্থাপন কৰিছে অভিযোগ ৷ কঠিয়াতলী উন্নয়নখণ্ডৰ অন্তৰ্গত মাধৱপাৰা পঞ্চায়তৰ ২নং ৱাৰ্ডৰ আই.বি হাউচৰ পৰা গৰঙাপাৰা দলঙলৈ চি চি ব্লকৰে নিৰ্মাণ কৰিবলগীয়া পথটোত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ কৰিছে ৰাইজে। বিধায়কৰ সহযোগত ঠিকাদাৰ ৰূপী বিজেপি কৰ্মী বিৰাজ বৰাই পথটোৰ বাবে অনুমোদিত ধনৰ দুই লাখ তেষষ্ঠি হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

একেদৰেই ৰঙিয়াৰ তিতকুৰিৰ হৰদত্ত বীৰদত্ত পথত থকা একমাত্ৰ দলঙখন নিৰ্মাণৰ দাবীত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ৷ কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাক দলংখন পকীকৰণ কৰাৰ দাবী জনাই আহিছে যদিও আজিলৈ দলঙখন নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰিলে বিধায়কগৰাকীয়ে ৷ যাৰ বাবে এখন দুৰ্বল বাঁহৰ দলঙেৰেই বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে ৷

লগতে পঢ়কঃ ৰঙিয়াত সেনা জোৱানৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ সুৰা

আনহাতে চৰকাৰী ধনলৈ আশা নকৰি গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰে এখন বাঁহৰ দলং ৷ টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ এজাৰগুৰি অঞ্চলত 20খনৰো অধিক গাঁও সংযোগী পথটোৰ ওপৰত থকা দলঙখন আজিলৈ নিৰ্মাণ কৰিবলৈ পূঁজিৰ যোগাৰ নহ'ল চৰকাৰৰ ৷ বানে গৰকা অঞ্চলবাসীয়ে এখন বাঁহৰ দলং প্ৰতিবছৰেই নিৰ্মাণ কৰি আহিছে যদিও নদীত পানী বৃদ্ধি পালেই সেয়া উটি যায় ৷ কৃষি প্ৰধান অঞ্চলটোৰ ৰাইজে এতিয়া চৰকাৰলৈ অপেক্ষা নকৰি এইদৰেই নিজৰ ধনেৰেই নিৰ্মাণ কৰি আহিছে দলঙখন ৷

Intro:পথৰ মাজত টায়াৰ জ্বলাই প্ৰতিবাদ তিতকুৰিবাসী ৰাইজৰBody:ৰঙিয়াৰ তিতকুৰিৰ হৰদত্ত বীৰদত্ত পথত আজি স্থানীয় ৰাইজে টায়াৰ জ্বলাই প্ৰতিবাদ কৰে। পথটোত থকা কাঠৰ দলঙ খনৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে মৰণফাণ্ডত পৰিণত হৈছে। দলং পাৰ হবলৈ হলে মৰণক শৰণ কৰি বিপদ সংকুল যাতায়ত কৰিবলৈ বাধ্য অৰ্ধ শতাধিক গাৱঁৰ ৰাইজ। কি কংগ্ৰেছ, কি অগপ, কি বিজেপি চৰকাৰ; কোনোৱে গুৰুত্ব নিদিলে দলংখন পকীকৰণ কৰাৰ ক্ষেত্ৰত। ৰাইজে সময়ে সময়ে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাক দলংখন পকীকৰণ কৰাৰ দাবী জনাই আহিছে যদিও আজিকোপতি দলং পকীকৰণ নহল । নিজৰ মুনাফা আদায় নোহোৱা বাবেই দলঙখনৰ পকীকৰণৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে ৰাইজে। সেয়ে উপায় বিহীন ৰাইজে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজপথত টায়াৰ জ্বলাই কেইবা ঘন্টা ধৰি পথ অৱৰোধ কৰি ৰাখে । গড়কাপ্তানী বিভাগ হায় হায়, কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা মুৰ্দাবাদ, জৰাজীৰ্ণ কাঠৰ দলং পকীকৰণ কৰক শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে সকলোৱে। ৰাইজে দলঙখন অতি শীঘ্ৰে পকীকৰণ কৰিবলৈ আহ্বান জনাই, অন্যথা ৰাইজে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ।

BITE : স্থানীয় ৰাইজৰConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.