ETV Bharat / state

শিল্পী লোকনাথ গোস্বামীলৈ নৱম বাৰ্ষিক মঘাই ওজা স্মাৰক বঁটা প্ৰদান - AJYCP

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বাৰ্ষিক মঘাই ওজা বঁটা প্ৰদান । বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামীলৈ 2019 বৰ্ষৰ মঘাই ওজা স্মাৰক বঁটা প্ৰদান ৷

লোকশিল্পী লোকনাথ গোস্বামীলৈ নৱম বাৰ্ষিক মঘাই ওজা স্মাৰক বঁটা প্ৰদান
author img

By

Published : Sep 14, 2019, 10:58 PM IST

যোৰহাট,14 চেপ্তেম্বৰঃ ঢোলৰে বিশ্ব দৰবাৰত অসমীয়া জাতিৰ চহকী সংস্কৃতিক চিনাকি কৰাই দিয়াত যিসকল স্বনামধন্য লোক শিল্পীৰ ভুমিকা আছিল তাৰ ভিতৰত মঘাই ওজা আছিল অনবৈদ্য । তাহানিৰ দিনতেই ঢোলবাদ্যকে জীৱনৰ অন্যতম সংগী হিচাপে বাচি লৈ আজীৱন লোক শিল্পৰ সাধনাৰে নিজৰ জীৱন উচৰ্গা কৰা মঘাই ওজাৰ নামত বিগত আঠটা বৰ্ষ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ৰাজ্যখনৰ লোকশিল্পৰ ক্ষেত্ৰখনলৈ অৱদান যোগোৱা শিল্পী সকলক বঁটা প্ৰদান কৰি আহিছে। এই বৰ্ষতো বিশিষ্ট শিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বঁটা প্ৰদান কৰে যুৱ ছাত্ৰ পৰিষদে। যোৰহাট জিলাৰ মুক্তি যোদ্ধা শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰা হয় শিল্পী গৰাকীক। বঁটা প্ৰদান অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে মঘাই ওজা বঁটা পোৱা বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে যুৱ ছাত্ৰ পৰিষদৰ এই কাৰ্যক শলাগ লোৱাৰ লগতে তেখেতক এই বঁটা লাভৰ গৌৰৱ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

নৱম বাৰ্ষিক মঘাই ওজাৰ বটা প্ৰদান।।বিশিষ্ট লোক শিল্পী লোক নাথ গোস্বামীক প্ৰদান এই বৰ্ষৰ মঘাই ওজা বটা।।

চৰকাৰী শিল্পী পেঞ্চন পাবলৈ যোগ্যতা লাগে।মোৰ তেনে যোগ্যতা নাই।সেয়েহে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মোৰ যোগ্যতাক স্বীকৃতি দিলে।।

শিল্পী লোকনাথ গোস্বামী।।

ঢোলৰে বিশ্ব দৰবাৰত অসমীয়া জাতিৰ চহকী সংস্কৃতিক চিনাকি কৰাই দিয়াত যিসকল স্বনামধন্য লোক শিল্পীৰ ভুমিকা আছিল তাৰ ভিতৰত মঘাই ওজা আছিল অন্যবদ্য।তাহানিৰ দিনতেই ঢোল শিল্পক সৰোগত কৰি আজীবন লোক শিল্পৰ সাধনাৰে নিজৰ জীৱন উচৰ্গা কৰা মঘাই ওজা নামত বিগত আঠটা বৰ্ষতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ৰাজ্যখনৰ বিশেষ শিল্পী সকলত বটা প্ৰদান কৰি আহিছে।এই বৰ্ষয়ো বিশিষ্ট শিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বটা প্ৰদান কৰে যুৱ ছাত্ৰ পৰিষদে।যোৰহাট জিলা মুক্তি যোদ্ধা শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্য পুৰ্ণ অনুষ্ঠানত বটা প্ৰদান কৰা হয় শিল্পী গৰাকীক।বটখ প্ৰদান অনুষ্ঠানত বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰীণজ্যোতী গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে ২০০৩ চনলৈকে চৰকাৰী ভাৱে মঘাই ওজা বটা প্ৰদান কৰি আহিছিল যদিও বৰ্তমানৰ সময়ত এই বটা প্ৰদান আকৌ প্ৰবত্তৰ্নৰ বাবে বিধান সভা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৰাজ্য চৰকাৰক অনুৰোধ কৰিব পুনৰ প্ৰতিটো বৰ্ষতে বটা প্ৰদান কৰিবলৈ।আনহাতে বিধান সভাত দুটা বিশেষ গৃহ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত তুলি লৈছে অধ্যক্ষ গৰাকীয়ে ইয়াৰ ভিতৰত মঘাই ওজা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতিত।

byte -অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী।

আনহাতে মঘাই ওজা বটা পোৱা বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে যূৱ ছাত্র পৰিসদৰ এই কায্যক সলাগ লোৱাৰ লগতে কয় এতিয়া সময়ত প্ৰতিবাদৰ নহয় হাতে কামে কৰিৰ সময় সমাগত।

byte_লোকনাথ গোস্বামী

যোৰহাটৰ মঘাই ওজা বটা প্ৰদান অনুষ্ঠানত উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক লুৰীণজ্যোতী গগৈয়ে চৰকাৰে মঘাই ওজাক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰাৰ লগতে ধৰ্মীয় উন্মাদনা হৈ ডিব্ৰুগড়ৰ তাজিয়া ঘটনাক তীব্ৰ ভাষাৰে সমালোচনা কৰা লগতে ৰাজ্যখনৰ গৃহ বিভাগ সম্পূৰ্ণ ব্যথ হোৱা বুলি কয়।ধৰ্মীয় অনুষ্ঠানত যিয়েই নহওক লাগিলে মুকলি অস্ত প্ৰদৰ্শন বন্ধ কৰিবলৈ দাবী জনাই।

byte-লুৰীণজ্যোতী গগৈ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.