ETV Bharat / state

NGO for poor farmers: দুখীয়া কৃষকক স্বাৱলম্বী কৰাৰ প্ৰয়াস বে-চৰকাৰী সংস্থা পথিকৰ

author img

By

Published : Mar 25, 2023, 1:49 PM IST

কণী উৎপাদনেৰে দুখীয়া কৃষকক স্বাৱলম্বী কৰাৰ প্ৰয়াস পথিক নামৰ বে-চৰকাৰী সংস্থাৰ (NGO trying to make poor farmers self-reliant) ৷ পথিকৰ নিজাববীয়া প্ৰকল্প গৃহত প্ৰথম পৰ্যায়ত 1,400 কুকুৰা পালনৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিছে সংস্থাটোৱে (Chicken rearing system) ৷

Pathik is trying to make poor farmers self reliant
যোৰহাটত বে-চৰকাৰী সংস্থা পথিকৰ এক প্ৰয়াস

যোৰহাট, 25 মাৰ্চ: দুখীয়া কৃষকক স্বাৱলম্বী কৰাৰ প্ৰয়াস যোৰহাটৰ এটা বে-চৰকাৰী সংস্থাৰ(NGO for poor farmers) ৷ নিজাববীয়া প্ৰকল্পৰ আধাৰত, কণী উৎপাদনেৰে দুখীয়া কৃষকক স্বাৱলম্বী কৰাৰ প্ৰয়াস 'পথিক' নামৰ বে-চৰকাৰী সংস্থাৰ ৷ এই উদ্দেশ্যৰে শুকুৰবাৰে যোৰহাটত পোন প্ৰথমবাৰৰ বাবে কুকুৰা পালকৰ বাবে কৃত্ৰিম তাপ নিয়ন্ত্ৰক গৃহৰ শিল্যন্যাস হয় (Chicken rearing system) ৷ বে-চৰকাৰী সংস্থা পথিকৰ উদ্যোগত আৰু ONGC সহযোগত বাঘচুঙ কুকুৰা পামত অনুষ্ঠিত হয় এই শিল্যন্যাস অনুষ্ঠান ।

শিলান্যাস কাৰ্যসূচীত উপস্থিত থাকে সহকাৰী আয়ুক্ত প্ৰিয়ব্ৰত হাজৰিকা, ONGC Surface Manager এ কে ৰস্তৌগি, CC I/C জয়শ্ৰী শইকীয়া, CSR I/C সিদ্ধাৰ্থ আহাতে, District officer ভূপেন দাস, District poultry Farm মেনেজাৰ ডাঃ সৰৱাৰ সাদেৰ, পথিক ৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰ, সম্পাদক ৰুদ্ৰ প্ৰসাদ হাজৰিকাৰ লগতে বহু কেইজন ব্যক্তি (Poultry Farm in Jorhat)।

Pathik is trying to make poor farmers self reliant
দৰিদ্ৰ কৃষকক স্বাৱলম্বী কৰাৰ প্ৰয়াস বে-চৰকাৰী সংস্থা পথিকৰ

পথিকৰ নিজাববীয়া প্ৰকল্প গৃহত প্ৰথম পৰ্যায়ত 1,400 কুকুৰা পালনৰ ব্যবস্থা কৰা হৈছে বুলি জানিবলৈ দিছে সংস্থাটোৱে ৷ এই প্ৰয়াসৰ যোগেদি বৰহোলা অঞ্চলৰ 120 গৰাকী দুখীয়া কৃষকক কণী উৎপাদন কৰি জীৱিকা মোকলোৱাৰ প্ৰয়াসেৰে প্ৰথম পৰ্যায়ত 25 গৰাকী খেতিয়কক লৈ প্ৰকল্পটোৰ কাম-কাজ আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে বে-চৰকাৰী সংস্থা পথিকৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰে । লগতে কৃষকসকলৰ উৎপাদিত কণী বজাৰলৈ সম্প্ৰসাৰিত কৰাৰ দায়িত্বও বে-চৰকাৰী সংস্থাটোৱে নিজাববীয়াকৈ ল'ব বুলিও জানিবলৈ দিয়ে ৷

এই প্ৰকল্পৰ যোগেদি কৃষক সকলক প্ৰথমে কুকুৰা পালনৰ প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ বাবে একোটাকৈ কুকুৰা পালন গৃহ নিৰ্মাণ কৰা হ'ব ৷ পৰৱৰ্তী সময়ত শীত-তাপ নিয়ন্ত্ৰিত ব্যৱস্থাত পালিত কুকুৰা সমূহ কণী পৰাৰ সময়ত কৃষক সকলক প্ৰদান কৰাৰ হ'ব | এই প্ৰক্ৰিয়াৰ পাছত উৎপাদিত কণী সমূহ বজাৰত বিতৰণৰ ব্যবস্থাও সংস্থাটোৱে নিজে গ্ৰহণ কৰিব ৷

উল্লেখযোগ্য যে, বিভিন্ন সময়ত পথিক নামৰ বে-চৰকাৰী সংস্থাটোৱে জনহিতাৰ্থে বিভিন্ন কল্যানমূলক আঁচনি আৰু পদক্ষেপ গ্ৰহণ কৰি আহিছে; যি বৰ্তমান সময়ত স্বাৱলম্বীতাৰ ক্ষেত্ৰত এক আৰ্দশৰ প্ৰতীক হিচাপে জিলিকি ৰ'ব ৷

লগতে পঢ়ক: Tea Garden of Assam: ক্ষুদ্ৰ চাহ খেতিয়ক আৰু চাহ শ্ৰমিকৰ বিননি শুনিবনে চৰকাৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.