মৰিয়নী, 5 ছেপ্টেম্বৰ : অসমৰ সংৰক্ষিত ভূমিত এইবাৰ আকৌ নগাৰ শেনচকু । অসমৰ সংৰক্ষিত বনাঞ্চলত পাহাৰ কাটি কেম্প বনাবলৈ যা-যোগাৰ নগাৰ । অসম-নাগালেণ্ড সীমান্তৱৰ্তী মৰিয়নীৰ দিছৈ, দিছৈ ভেলী আৰু তিৰোহিলছ এই তিনিখন সংৰক্ষিত বনাঞ্চলৰ 90 শতাংশ ভূমি ইতিমধ্যে নগাই নিজৰ দখললৈ নিছে । ইয়াৰ পাছতো ক্ষান্ত হোৱা নাই নগা । কিছুদিন পূৰ্বে মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ মাজৰে বৈ যোৱা জানখানা নৈৰ ওপৰত নগাই এখন কংক্ৰীটৰ দলং নিৰ্মাণ কৰিছিল । ইতিমধ্যে নিৰ্মাণ কাৰ্যৰ 90 শতাংশ সম্পূৰ্ণ হোৱাৰ পাচত মৰিয়নী ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত যোৱা অসম আৰক্ষীৰ এটা দলে নিৰ্মাণ কাৰ্য বন্ধ কৰোৱাৰ লগতে নিৰ্মাণত ব্যৱহৃত সমগ্রী সমূহ নষ্ট কৰে ।
![nagaland people made bridge and camp at assam's reserve forest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/nagaencourage_05092020145829_0509f_1599298109_744.jpg)
কিন্তু শেহতীয়াকৈ এই কংক্ৰীট দলং খনৰ নাতিদূৰত অসমৰ সংৰক্ষিত ভূমিত নগাই পাহাৰ কাটি পথ মোকোলাই কেম্প নিৰ্মাণৰ যা-যোগাৰ কৰিছিল । সমান্তৰাল ভাৱে দলঙৰ নিৰ্মাণ কাৰ্য শেষ কৰিবৰ বাবে শিল বালি পেলোৱাও পৰিলক্ষিত হৈছে । এই সম্পৰ্কে অৱগত হৈ শনিবাৰে দুপৰীয়া তিতাবৰ মহকুমা আৰক্ষী বিষয়া, মৰিয়নী ৰাজহ চক্ৰ বিষয়া , মৰিয়নী নিউ সোণোৱাল খণ্ড বনবিষয়া নেতৃত্বত মৰিয়নী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দল ঘটনাস্থলীত পৰিদৰ্শন কৰে।
উল্লেখ্য যে, মেৰাপানী, মৰিয়নী আদি নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত প্ৰায়েই অসমৰ ভূমি আগ্ৰাসনক লৈ নগা আৰু অসমীয়াৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে ৷ বহুসময়ত অসমৰ সীমাত প্ৰৱেশ কৰি নগাই অসমীয়া কৃষকৰ খেতি, বাগান আদি নষ্ট কৰাৰো অভিযোগ উত্থাপিত হোৱা দেখা যায় ৷
লগতে পঢ়ক : বগীনদীৰ ন কদমত সোৱণশিৰি নদীৰ তীব্ৰ খহনীয়া