ETV Bharat / state

Nagaland Assembly Election Results: বিপুল ভোটৰ ব্যৱধানত নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইম্না আলঙৰ জয়লাভ - টেনজেম ইম্না আলং

নগা উগ্ৰপন্থী সংগঠন NSCN(IM) য়ে নিষিদ্ধ ঘোষণা কৰাৰ পাচতো বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিলে নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি টেমজেন ইম্না আলঙে (Temjen Imna Along) ৷ নগাসকলক ভাৰতীয় বুলি কোৱাৰ বাবে ভোটাৰ ৰাইজক আলঙক ভোটদান নকৰিবলৈ আহ্বান জনাইছে নগা উগ্ৰপন্থী সংগঠনটোৱে ৷

Nagaland Assembly Election Results
বিপুল ভোটৰ ব্যৱধানত নাগালেণ্ড বিজেপিৰ সভাপতি টেমজেন ইম্না আলঙৰ জয়লাভ
author img

By

Published : Mar 2, 2023, 9:32 PM IST

যোৰহাট, 2 মাৰ্চ: আজি ঘোষণা হ’ল বহু প্ৰত্যাশিত ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণাৰ পাচতে পুনৰ চৰ্চালৈ আহিছে এগৰাকী ৰাজনীতিক ৷ তেওঁ হ’ল নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি টেনজেম ইম্না আলং (Nagaland assembly election 2023) ৷

উল্লেখ্য যে, নিৰ্বাচনৰ ভোট গ্ৰহণৰ পূৰ্বে টেনজেম ইম্না আলঙক নিষিদ্ধ ঘোষণা কৰিছিল NSCN (IM)য়ে ৷ টেনজেম ইম্না আলঙক ভোটদান নকৰিবলৈ তেওঁৰ সমষ্টিবাসীক আহ্বান জনাইছিল নগা উগ্ৰপন্থী সংগঠনটোৱে ৷ কিন্তু NSCN (IM)ৰ বিৰোধিতাৰ পাচতো বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হ’ল টেনজেম ইম্না আলং (Temjen Imna Along won election) ৷

আলংটাকি সমষ্টিৰ পৰাৰ প্ৰতিদ্বন্দিতা আগৱঢ়োৱা টেমজন ইম্না আলঙে 1748 টা ভোটৰ ব্যৱধানত জয় লাভ কৰিবলৈ সক্ষম হয় । নাগালেণ্ডৰ ৰাজ্যিক বিজেপিৰ সভাপতি টেমজন ইম্না আলঙে 9274 টা ভোট লাভ কৰাৰ বিপৰীতে জে ডি ইউৰ(JDU) প্ৰাৰ্থীগৰাকীয়ে 5526 টা ভোট লাভ কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সময়ত নগা জাতিক ভাৰতীয় নাগৰিক বুলি কৈছিল টেনজেম ইম্না আলঙে । বিজেপি নেতাগৰাকীৰ এই মন্তব্যৰ বাবে 30 নং আলংটাকি সমষ্টিৰ অন্তৰ্গত সকলো ভোটাৰক নিৰ্বাচনত ভোট প্ৰদান নকৰিবলৈ আহ্বান জনাইছিল NSCN (IM)য়ে । নগা উগ্ৰপন্থী সংগঠনটোৰ এই নিৰ্দেশনাই পাহাৰীয়া ৰাজ্যখনৰ লগতে বিজেপি দলত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া (Nagaland Assembly Election Results)৷

ইফালে, টেনজেম ইম্না আলঙক ভোটদান কৰিলে এন চি এন (আই এম)ৰ সংবিধান মতে কঠোৰ শাস্তি প্ৰদানৰ কথা ঘোষণা কৰিছিল সংগঠনটোৱে । কিন্তু NSCN (IM)ৰ ভাবুকি স্বত্বেও আলংটাকি সমষ্টিৰ ভোটাৰে বিজেপি সভাপতি আলঙৰ সপক্ষে জনাদেশ প্ৰদান কৰিলে । ভোটাৰ ৰাইজে বিজেপি সভাপতিগৰাকী সপক্ষে ভোটদানত অংশগ্ৰহণ কৰিলে আৰু আজি ঘোষণা কৰাৰ ফলাফলত আলংটাকি সমষ্টি পৰাৰ বিপুল ভোটত জয়লাভ কৰিলে ৷

এতিয়া NSCN (IM)য়ে আলংটাকি সমষ্টিবাসীৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে, সেয়া লক্ষ্যনীয় বিষয় হৈ পৰিছে ৷ বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফলত নাগালেণ্ডৰ 60 খন আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত NDPP আৰু BJP মিত্ৰজোঁটে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন দিশে আগবাঢ়িল ।

উল্লেখ্য যে, নিজৰ হাস্যৰসাত্মক উক্তিৰ(কেপশ্যন) বাবে সামাজিক মাধ্যমত চৰ্চাত থাকে টেমজেন ইম্না আলং ৷ বিজয়ৰ পাচতে সামাজিক মাধ্যমত আলঙে আপলোড কৰা এখন ফটোৱেও বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক: Election Results 2023 Live Updates: তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ প্ৰতিটো শেহতীয়া খবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.