ETV Bharat / state

Naga aggression in Assam: অসমৰ সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তৰ অগ্নিসংযোগ - Encroachment of Assam land

পুনৰ অসমৰ ভূমিত নগাৰ আগ্ৰাসন । পহিলা ব'হাগতে অসমৰ সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তই কৰিলে অগ্নিসংযোগ । বনাঞ্চলখনৰ ভূমি মুকলি কৰি নিজৰ দখললৈ নিয়াৰ এক কৌশল চলোৱাৰ বাবেই দুৰ্বৃত্তই অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে (Naga miscreants set fire to Assams reserved forests) ।

Naga miscreants set fire to Assams reserved forests
অসমৰ সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তৰ অগ্নিসংযোগ
author img

By

Published : Apr 15, 2023, 9:42 PM IST

অসমৰ সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তৰ অগ্নিসংযোগ

যোৰহাট,১৫ এপ্ৰিল: ৰাজ্যজুৰি ৰঙালীৰ উচাহৰ ঢল । কিন্তু তাৰমাজতে যোৰহাটত সংঘটিত হয় এক ভয়ংকৰ ঘটনা । পহিলা ব'হাগৰ দিনটোত তথা ৰাজ্যবাসীয়ে বিহুৰ উন্মাদনাত বিভোৰ হৈ থকা সময়তে অসম ভূমিত নগাই চলালে সন্ত্ৰাস (Naga miscreants set fire to Assams reserved forests) । পহিলা ব'হাগতে দিন দুপৰতে অসমৰ বনাঞ্চলত নগাৰ অগ্নিসংযোগ । জুইত জাহ হেক্টৰ হেক্টৰ ভূমি । অসম প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি মৰিয়নিৰ সীমান্তত অব্যাহত ৰাখিছে সন্ত্ৰাস ।

দিচৈভেলীৰ নাগাজাংকা বৰলাইনত পহিলা বহাগ দিনটোত অগ্নিসংযোগ নগা বেদখলকাৰীৰ (Assam land occupied by Naga miscreants) । ভয়ংকৰ জুইৰ শিখাই নিমিষতে আগুৰি ধৰে দিচৈভেলী বনাঞ্চলৰ বৃহৎ এলেকা । জুই লেনিহান শিখাই গ্ৰাস কৰে হাজাৰ হাজাৰ বাঁহ গছ । ধ্বংসস্তূপত পৰিণত হ'ল এক বিস্তীৰ্ণ অঞ্চল । উক্ত বাঁহ গছসমূহ অসম চৰকাৰৰ বেম্ব মিছনৰ অধীনত ৰোপণ কৰাৰ হৈছিল বুলি জানিবপৰা গৈছে (Assam Nagaland border dispute) ।

উক্ত ভূমি মুকলি কৰি নিজৰ দখললৈ নিয়াৰ এক কৌশল চলোৱাৰ বাবেই দুৰ্বৃত্তই অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে । ইতিমধ্যে নগাই সংৰক্ষিত বনাঞ্চলখনৰ প্ৰায় সংখ্যক ভূমিয়েই নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে (Encroachment of Assam land) । নগাৰ অগ্নিসংযোগৰ পিচতে সীমান্তত এতিয়া আতংকময় পৰিৱেশৰ সৃষ্টি হয় । বৰ্তমানো ঘটনাস্থলীত উপস্থিত হোৱা নাই বন বিভাগ আৰক্ষীৰ লোক ।

মনকৰিবলগীয়া যে, বিগত সময়ছোৱাত মৰিয়নিত নগাই অবিৰতভাৱে অসমৰ মাটিত অবাধ বেদখলেৰে নিজ আধিপত্য বিস্তাৰ কৰি অহাৰ বিপৰীতে অসমৰ প্ৰশাসন কিম্বা বন বিভাগৰ ভূমিকা অত্যন্ত পুতৌজনক । বাৰে বাৰে অসমৰ ভূমিত নগাই ক্ৰমবৰ্ধমান হাৰত আগ্ৰাসন চলাই থকা তথ্য অসমৰ প্ৰশাসন হাতত থকা পিচতো কোনো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে, অসম প্ৰশাসন দূৰ্বলতা সুযোগ গ্ৰহণ কৰি অসমৰ ভূমিত নগাই বেদখল কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, তাৰ ফলশ্ৰুতিতে অসমৰ ভূমি তথা বনাঞ্চল এই দৰে জ্বলাই ছাৰখাৰ কৰি নগাই নিজৰ ভূমি বুলি গৰ্বৰে পতিয়ন নিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

যদি অসম চৰকাৰে কোনোধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ নকৰে অনাগত সময়ত অসমৰ ভূমিত নগা দপদপনি চলিব সেয়া সহজে অনুমেয় হৈ পৰিছে ‌। বৰ্তমান নগাৰ আগ্ৰাসী ৰূপে শংকিত কৰি তুলিছে সীমান্তবাসী অসমীয়া ৰাইজক । এফালে অসম ভূমিত নগা আগ্ৰাসন আনফালে অসম প্ৰশাসনৰ নিৰৱতা । প্ৰশ্ন হয় কিমানদিনলৈ নগাৰ অত্যাচাৰ সহ্য কৰিব লাগিব সীমান্তবাসী অসমীয়াই ।

লগতে পঢ়ক: Internal clash! অসমত সলনি হ’ল নেকি প্ৰধানমন্ত্ৰী মোডীৰ ‘ব্লু আইড বয়’ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.