ETV Bharat / state

Na Khowa festival celebrate: ন-খোৱাৰ আনন্দত মছগুল টীয়কবাসী

author img

By

Published : Dec 12, 2022, 11:44 AM IST

অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ন খোৱা ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ন খোৱা উৎসৱ । আঘোণ মাহৰ সোণগুটি চপোৱাৰ বতৰত টীয়কৰ এখন গাঁৱৰ ৰাইজেও আয়োজন কৰে ন-খোৱা উৎসৱৰ(Na Khowa festival celebrates at Teok) ।

Na Khowa festival celebrates at Teok
ন-খোৱাৰ আনন্দত মছগুল টীয়কবাসী

টীয়ক,১২ ডিচেম্বৰ: সীমাহীন কষ্টৰ অন্তত কৃষক ৰাইজে ধান চপাই নিয়াৰ পাচত স্বাভাৱিকতে আনন্দিত হৈ পৰে কৃষক সমাজ ৷ জেঠমহীয়া প্ৰখৰ ৰ'দৰ পৰা ভৰ বাৰিষাৰ বৰষুণলৈকে সকলো আওকাণ কৰি মাথো ব্যস্ত থাকে সপোনৰ পথাৰখনত ৷ আঘোণ মাহ অহাৰ লগে লগে যেন হাঁহি বিৰিঙি উঠে কৃষকৰ মুখত ৷ শাওণৰ সপোন সোণগুটি হৈ ভড়ালত সোমোৱাৰ লগে লগেই উলাহে নধৰা হৈছে কৃষিজীৱি অসমীয়াৰ হিয়া । অসমত লাহে লাহে আৰম্ভ হৈছে ভোগৰ বতৰ ।

অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ন খোৱা ৷ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খাই অসমীয়া চহা ৰাইজে পালন কৰি আহিছে এই কৃষিভিত্তিক উৎসৱ (Cultivation base festival Na Khowa) ৷ যি উৎসৱক কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয় ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ন খোৱা উৎসৱ । ন ফচলৰে সকলোৱে লগে ভাগে এসাঁজ খাইছে প্ৰাপ্তিৰ হাঁহি মুখত পিন্ধি ।

ন-খোৱাৰ আনন্দত মছগুল টীয়কবাসী

আঘোণ মাহৰ সোণগুটি চপোৱাৰ বতৰত টীয়কৰ এখন গাঁৱৰ ৰাইজে লৈছে এক বিশেষ উদ্যোগ । লখিমী আদৰাৰ পাছত সকলোৱে একেলগে ন চাউলেৰে এসাঁজ খোৱাৰ উদ্দ্যেশ্যে একত্ৰিত হৈছে গাওঁবাসী । অসমীয়া সমাজত চহা কৃষিজীৱি ৰাইজে সোণগুটি চপাই এসাঁজ লগে‌ ভাগে খোৱাৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ প্ৰয়াসেৰে দেওবাৰে গুৱাল গাঁৱৰ ঐতিহাসিক গুৱাল পথাৰত ৰাইজে আয়োজন কৰিছে এই ন-খোৱা উৎসৱ (Na Khowa festival celebrates at Teok) ।

হাঁহ-কোমোৰা, মাছৰ জোলৰ লগতে বিভিন্ন ব্যঞ্জনেৰে আয়োজন কৰি উদযাপন কৰিছে এই ন-খোৱা উৎসৱ । কৃষিজীৱনৰ অবিচ্ছেদ্য অংগ, আমাৰ সমাজত হেৰাই যাবলৈ ধৰা এই ন খোৱা পৰম্পৰাক উজ্জীৱিত কৰি নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই দিয়াৰ মানসেৰে আয়োজিত এই অনুষ্ঠানত গাঁৱৰ ৰাইজে শিশু, যুৱক-যুৱতী, বয়োজ্যেষ্ঠ সমন্বিতে একেলগ হৈ আনন্দ উল্লাস কৰা পলিলক্ষিত হৈছে ।

লগতে বিভিন্ন পৰম্পৰাগত খেল-ধেমালি, বিহু গাই আনন্দ উল্লাস কৰিছে সকলোৱে । পশ্চিমীয়া সংস্কৃতিৰ বতাহত যাতে আমাৰ আপোন চহা সমাজৰ পৰম্পৰাসমূহৰ লুপ্ত নহয় তাৰ উদ্দেশ্য আগত ৰাখিয়েই এইদৰে সমূহ ৰাইজে ন খোৱা উৎসৱ উদযাপন কৰিছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: Open gambling in Kalgachia: আনন্দ মেলাত চলা দুষ্কৃতিৰ বাতৰি প্ৰকাশ কৰা সাংবাদিকক ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.