তিতাবৰ, 01 জুন: দৰিদ্ৰতা কেতিয়াও প্ৰতিভাৰ হেঙাৰ হ'ব নোৱাৰে,তাকে প্ৰমাণ কৰিলে তিতাবৰ অসম নাগালেণ্ড সীমান্তৰ দেবাশ্ৰী বৰাই ৷ গোবিন বৰা আৰু ৰিংকু বৰাৰ কন্যা দেবাশ্ৰী বৰাই গুৱাহাটীত অনুষ্ঠিত হোৱা চাব জুনিয়ৰ মোৱেথাই প্ৰতিযোগিতাত সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৷
ইয়াৰোপৰি দেবাশ্ৰীয়ে থাইলেণ্ডত অনুষ্ঠিত হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় মোৱেথায় প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছে ৷ কিন্তু পৰিতাপৰ বিষয় যে দৰিদ্ৰ পৰিয়ালটোৰ খেলুৱৈ গৰাকী থাইলেণ্ডলৈ যাবৰ বাবে হাতত নাই ধন ৷ আৰ্থিকভাৱে দুৰ্বল দেবাশ্ৰীৰ পিতৃয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে ৷ সেয়ে দেবাশ্ৰীৰ পিতৃ-মাতৃয়ে,থাইলেণ্ডত অনুষ্ঠিত হ'ব লগীয়া মোৱেথাই প্ৰতিযোগিতাত দেবাশ্ৰীয়ে অংশ গ্ৰহণ কৰিবলৈ যাবলৈ অসমবাসী ৰাইজ আৰু অসম চৰকাৰৰ ওচৰত সহায়ৰ আহ্বান জনাইছে ৷