টীয়ক, 22 নৱেম্বৰঃ টীয়কত আত্মসহায়ক গোটক ঘূৰ্ণীয়মান পুঁজি বিতৰণ সাংসদ তপন গগৈৰ ৷ দীনদয়াল অন্ত্যোদয়া যোজনা আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ উদ্যোগত টীয়ক পৌৰসভাই শুকুৰবাৰে পঞ্চাশটা মহিলা আত্মসহায়ক গোটক ঘূৰ্ণীয়মান পুঁজিৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে ৷ উক্ত অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপণ কুমাৰ গগৈয়ে আত্মসহায়ক গোট সমূহক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে ৷ সভাত ভাষণ প্ৰদান কৰি সাংসদগৰাকীয়ে মহিলাসকলৰ স্বাৱলম্বিতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰে ৷
উল্লেখ্য যে, শুকুৰবাৰৰ এই পুঁজি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে টীয়কৰ ৰাজহ চক্ৰ বিষয়া ভাস্কৰজ্যোতি ৰাজবংশী,টীয়ক ৰাজহ চক্ৰ বিষয়া(সংলগ্ন) জয়প্ৰকাশ মহন্তকে আদি কৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি ৷