ETV Bharat / state

যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই পৰিভ্ৰমণ কৰে যোৰহাট পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীগড় মৌজাৰ বালিচাপৰি দগাঁও,বৰখাত,পূজাৰী গাঁও,বালিচাপৰি,বাৰপাইক আদি বানাক্ৰান্ত অঞ্চল ৷

author img

By

Published : Jul 24, 2020, 3:53 PM IST

যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ
যোৰহাটৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিভ্ৰমণ সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ

যোৰহাট, 24 জুলাইঃ যোৰহাটত বানক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচায় ৷ সাংসদ গৰাকীয়ে জিলাখনৰ পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীগড় মৌজাৰ বালিচাপৰি দ’ গাঁও,বৰখাত,পূজাৰী গাঁও,বালিচাপৰি,বাৰপাইক আদি বান ক্ষতিগ্ৰস্ত অঞ্চলত গৈ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অস্থায়ী বান শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰো অৱস্থাৰ বুজ লয় ৷ সাংসদ গৰাকীয়ে বানাক্ৰান্তক কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধান কৰা হ’ব বুলি অশ্বাস প্ৰদান কৰে ৷ লগতে সাংসদ তাচাই এই কৃত্ৰিম বান পানীৰ সমস্যাৰ বাবে চৰকাৰৰো ভুল আছে,বান ৰোধৰ পৰিকল্পনা আগতেই ল’ব লাগিছিল,কিন্তু লোৱা নহ’ল বুলি ভুল স্বীকাৰ কৰে ৷

উল্লেখ্য যে,যোৰহাট জিলাৰ পূৱ ৰাজহ চক্ৰৰ অন্তৰ্গত হাটীগড় মৌজাৰ প্ৰায় অৰ্দ্ধ শতাধিক গাঁও বিগত কেইবছৰমানৰ পৰা কৃত্ৰিম বানৰ কবলত পৰা দেখা গৈছে ৷ এইবাৰো একেৰাহে হোৱা মুষলধাৰ বৰষুণৰ ফলত অঞ্চল সমূহৰ প্ৰায় সকলো মানুহৰ লগতে পশুধনৰো হাহাকাৰ অৱস্থা হৈছে ৷ পানী নিষ্কাষণৰ যথোপযুক্ত ব্যৱস্থা নথকাত প্ৰতি বছৰে বাৰিষাৰ সময়ত জীয়াতু ভুগিব লগা হয় এই অঞ্চলৰ ৰাইজ ৷

মেলেং আৰু ৰংদৈ মাথাউৰিৰ সংলগ্ন অংশত এখন শ্লুইছ গেট আছে যদিও বাৰিষা ব্ৰহ্মপুত্ৰৰ পানীৰ জলপৃষ্ঠ বৃদ্ধি পাই থকাৰ বাবে শ্লুইছ গেটখন খুলিব পৰা নাযায় ৷ যাৰ ফলত বানত আবদ্ধ হৈ পৰে অঞ্চলটো ৷ ইপিনে শ শ বিঘা কৃষি ভূমি পানীৰ তলত থকাৰ বাবে কৃষক ৰাইজে মূৰে-কপালে হাত দিব লগিয়া হৈছে ৷

লগতে পঢ়কঃ ৰাজ্যত মহামাৰী কৰ‘ণাত আক্ৰান্ত হৈ 70 গৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.