ETV Bharat / state

যোৰহাটত কেন্দ্ৰীয় মঘাই ওজা দিৱস উদযাপন

author img

By

Published : Mar 15, 2021, 3:40 PM IST

সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰে 11 তম কেন্দ্ৰীয় মঘাই ওজা দিৱস ৷ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠান ৷

moghai-ujas-11th-death-anniversary-celebration-at-jorhat-by-ajycp
যোৰহাটত একাদশ তম কেন্দ্ৰীয় মঘাই ওজা দিৱস উদযাপন

যোৰহাট,15 মাৰ্চ: আজি গণ শিল্পী মঘাই ওজাৰ মৃত্যু তিথি ৷ মঘাই ওজাৰ এই মৃত্যু দিৱসৰ দিনটোত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰে 11 তম কেন্দ্ৰীয় মঘাই ওজা দিৱস ৷ যোৰহাটৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পলাশ চাংমাই, সভাপতি ৰাণা প্ৰতাপ বৰুৱাৰ লগতে বহু বিষয়ববীয়া ৷

পুৱা পতাকা উত্তোলনৰে আৰম্ভ হোৱা কাৰ্যসূচীত যোৰহাট সদৰ থানাৰ সমীপত অৱস্থিত গণ শিল্পীজনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে পলাশ চাংমাইয়ে ৷ ইয়াৰ পাছতে এক বিশাল বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে উদযাপন সমিতিয়ে ৷ উল্লেখ্য যে,এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনে ৷ এইবাৰৰ মঘাই ওজা বঁটা প্ৰদান কৰা হ'ব শিল্পী মহেন্দ্ৰ চুকীয়াক ৷

লগতে পঢ়কঃ নিৰ্বাচনী প্ৰচাৰৰ মাজতেই শিলচৰত চাঞ্চল্যকৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.