ETV Bharat / state

Bhaona at Mariyani: স্বামীৰ পৰা অনুপ্ৰাণিত হৈ ভাৱৰীয়াৰ ৰূপত ৰূপজ্যোতি কুৰ্মীৰ পত্নী

author img

By

Published : Jun 21, 2023, 10:33 PM IST

স্বামীৰ পদাংক অনুসৰণ কৰি ভাওনাত অভিনয় কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীয়ে ৷ কৰ্ণৰ পত্নী পদ্মাৰ ভাৱত দেখা গ’ল বিধায়কগৰাকীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীক ৷

MLA Rupjyoti Kurmi wife act on Bhaona at Mariyani
ভাৱৰীয়াৰ ৰূপত ৰূপজ্যোতি কুৰ্মীৰ পত্নী
ভাৱৰীয়াৰ ৰূপত ৰূপজ্যোতি কুৰ্মীৰ পত্নী

মৰিয়নী, 21 জুন: কি স্বামী, কি পত্নী ! সততে নিজৰ ব্যতিক্ৰমী কামেৰে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰা মৰিয়নীৰ বিধায়কৰ ভিন্ন ৰূপ আমি সকলোৱে দেখিছো ৷ এইবাৰ স্বামীৰ পদাংক অনুসৰণ কৰি ভাওনাত অভিনয় কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীয়ে ৷ কৰ্ণৰ পত্নী পদ্মাৰ ভাৱত দেখা গ’ল বিধায়কগৰাকীৰ পত্নী মাঞ্চুৰিয়া বৰদলৈ কুৰ্মীক ৷

মঙলবাৰে মৰিয়নী নাগাজাংকাত অনুষ্ঠিত হোৱা মহাপুৰুষ শংকৰদেৱৰ অনুপম সৃষ্টিৰাজি ভাওনাত অভিনয় কৰি ৰূপজ্যোতি কুৰ্মীৰ পত্নী উৎফুল্লিত হৈ পৰে ৷ প্ৰথমবাৰৰ বাবে ভাওনাত অভিনয় কৰিবলৈ পাই নিজকে অত্যন্ত সুখী বুলি মত প্ৰকাশ কৰাৰ লগতে ক’ৰবাত অভিনয়ত ভুল থাকিলে সেয়া অভিনয়ত দক্ষতা থকা স্বামীৰ পৰা শিকি ল'ব অথবা স্বামীয়ে ভুলবোৰ দেখুৱাই দিব বুলি মত প্ৰকাশ কৰে বিধায়ক পত্নীয়ে ৷

লগতে তেওঁ এই অভিনয়ৰ যাত্ৰাত বিধায়ক স্বামী ৰূপজ্যোতি পৰা অনুপ্ৰেৰণা পোৱা বুলি উল্লেখ কৰে।

আনহাতে পত্নীয়ে পোন প্ৰথমবাৰৰ বাবে মহাপুৰুষীয় ভাওনাত অভিনয় কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে মহাপুৰুষীয় ভাওনাই মানুহৰ মনত আধ্যাত্মিক ভাৱ জাগ্ৰত কৰি তোলে । আইসকলে এই ভাওনাখনৰ কাৰণে মাহজোৰা অনুশীলন কৰিছে বুলি মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

উল্লেখ্য় যে, ইতিমধ্যে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাওনা, ৰাস আৰু নাটকত কেইবাবাৰো অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ইপিনে, মৰিয়নীৰ নাগাজাংকাত মহিলাসকলৰ দ্বাৰা পৰিৱেশিত মহাপুৰুষীয়া নাট 'দুৰ্যোধনৰ উৰুভংগ' নামৰ নাটকখন উপভোগ কৰিবলৈ ইতিমধ্যে সহস্ৰাধিক দৰ্শকৰ সমাৱেশ ঘটিছে ৷

লগতে পঢ়ক: Constituency delimitation: এই খচৰাই অসমৰ ভূমি পুত্ৰক সুৰক্ষিত কৰিব; পবিত্ৰ মাৰ্ঘেৰিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.