ETV Bharat / state

যোৰহাটৰ চি এ এ আন্দোলনৰ শ্বহীদৰ ঘৰত উপস্থিত বিধায়ক ৰূপজ্যোতি কুৰ্মী

যোৰহাটৰ টীয়কত বিগত ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন বাতিল আন্দোলনত মৃত্যু হৈছিল টীয়কৰ বনাইৰবি বৰুৱা গাঁৱৰ ৰাজেন বৰুৱাৰ ৷ শনিবাৰে বিয়লি শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ৷ বৰুৱাৰ পৰিয়াললৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দুই লাখ টকাৰ অনুদান ঘোষণা কৰে বিধায়ক গৰাকীয়ে ৷

author img

By

Published : Jan 5, 2020, 3:56 AM IST

চি এ এ আন্দোলন
বিধায়ক ৰূপজ্যোতি কুৰ্মী

টীয়ক,4 জানুৱাৰীঃ যোৰহাটৰ টীয়কত চি এ এ বিৰোধী আন্দোলনৰ শ্বহীদৰ ঘৰত উপস্থিত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । বিগত ১১ ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন বাতিল আন্দোলনত মৃত্যু হৈছিল টীয়কৰ বনাইৰবি বৰুৱা গাঁৱৰ ৰাজেন বৰুৱাৰ ৷ শনিবাৰে বিয়লি শ্বহীদ গৰাকীৰ বাসগৃহত উপস্থিত হয় বিধায়ক কুৰ্মী ৷ বিধায়ক গৰাকীয়ে মৃত বৰুৱাৰ পৰিয়ালৰ ওচৰত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে ৷

ইতিমধ্যে যোৰহাট জিলা ছাত্ৰ সন্থাই শ্বহীদ ঘোষণা কৰা বৰুৱাক প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰাও শ্বহীদ ঘোষণা কৰে বিধায়ক কুৰ্মীয়ে ৷ লগতে বৰুৱাৰ পৰিয়াললৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা দুই লাখ টকাৰ অনুদান ঘোষণা কৰে ৷ শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ আহি উক্ত অনুদানৰ চেকখন আনুষ্ঠানিকভাৱে প্ৰদান কৰিব বুলি কুৰ্মীয়ে ঘোষণা কৰে ।

দুই লাখ টকাৰ অনুদান ঘোষণা

ইয়াৰোপৰি বিজেপি চৰকাৰে চি এ এ আন্দোলন মষিমুৰ কৰিবলৈ এনেধৰণৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে ৷ তদুপৰি সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ উল্লেখ্য যে,আন্দোলনত প্ৰাণ হেৰুওৱা ৰাজেন বৰুৱাক পূৰ্বে আছুৰ তৰফৰ পৰা শ্বহীদ ঘোষণা কৰা হৈছিল ৷

লগতে চাওকঃমা কামাখ্যা দৰ্শন কৰিলে শিখৰ ধাৱানে

Intro:Body:টীয়কৰ ইতিমধ্যে আছুৱে ঘোষণা কৰা ছহিদ ৰাজেন বৰুৱাৰ ঘৰত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি/কা বিৰোধী আন্দোলনত হোৱা বৰ্বৰতাক নিন্দা কৰাৰ লগতে সমগ্ৰ বিষয়টো ন্যায়িক তদন্তৰ দাবী
TEOK: কা বিৰোধী আন্দোলনৰ স্হলীতে যোৱা ১১ ডিচেম্বৰত মৃত্যুক আকোৱালি লোৱা যোৰহাট জিলাৰ টীয়কৰ বনাই ৰবি বৰুৱা গাঁৱৰ ৰাজেন বৰুৱাৰ গৃহত শনিবাৰে বিয়লি উপস্থিত হয় মৰিয়নী বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী । বিধায়ক কুৰ্মীয়ে মৃত বৰুৱাৰ শোকস্তব্ধ পৰিয়ালটোৰ কাষত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে ইতিমধ্যে যোৰহাট জিলা ছাত্ৰ সন্হাই ছহিদ ঘোষণা কৰা বৰুৱাক প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও তেঁওক ছহিদ ঘোষণা কৰে ।বিধায়ক কুৰ্মীয়ে বৰুৱাৰ পৰিয়াললৈ প্ৰদেশ কংগ্ৰেছ সমিতিৰ তৰফৰ পৰা দুই লাখ টকাৰ অনুদান ঘোষণা কৰে আৰু অতি সোণকালে প্ৰদেশ কংগ্ৰেছৰ বিষয় ববীয়া আহি উক্ত চেক আনুষ্ঠানিক প্ৰদান কৰিব বুলি জনায়।লগতে বিজেপি চৰকাৰখনে নিজে এই আন্দোলনক মশিমুৰ কৰিবলৈ চক্ৰান্ত কৰি এনেবোৰ হৃদয় বাদাৰক ঘটনা সংঘটিত কৰাইছে বুলি অভিযোগ তুলি সাহস আছে যদি সমগ্ৰ ঘটনাটোৰ ন্যায়িক তদন্ত দিবলৈ চৰকাৰখনক আহ্বান জনাইছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.