যোৰহাট, ১৭ জানুৱাৰী : মঙলবাৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ (Assam govt cultural affairs department) উদ্যোগত কেন্দ্ৰীয়ভাৱে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ড৹ মাধৱ চন্দ্ৰ স্মাৰক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় শিল্পী দিৱস (Assam govt observed Shilpi Diwas in Jorhat) । মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৱিত্ৰ স্মৃতিত ১৭ জানুৱাৰীৰ এই দিনটোত ৰাজ্যজুৰি পালন কৰা হয় শিল্পী দিৱস (Shilpi Diwas observed in Jorhat) ।
যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন কৰা শিল্পী দিৱসত ২০২২ বৰ্ষৰ ড৹ ভবেন্দ্ৰ নাথ শইকীয়া বঁটা প্ৰদান কৰা হয় মঞ্চ আৰু ৰূপালী পৰ্দাৰ সুদক্ষ অভিনেতা অৰুণ নাথলৈ (2022 Bhabendra Nath Saikia award to Arun Nath) । আনহাতে, ২০২২ বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটা লাভ কৰে অসমীয়া চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু ২০২২ বৰ্ষৰ বিজু ফুকন বঁটা লাভ কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱে । লগতে ২০২২ বৰ্ষৰ ভীমবৰ দেউৰী বঁটা লাভ কৰে বিশিষ্ট লেখক মিলেশ্বৰ পাটৰে ।
উক্ত বঁটাসমূহৰ লগতে ২০২৩ বৰ্ষৰ শিল্পী বঁটা আগৱঢ়োৱা হয় প্ৰথিতযশা শিল্পী ৰাজেন গোঁহাই আৰু বিশিষ্ট লোকসংগীতৰ শিল্পী পখিলা লেকথপীক । আজিৰ শিল্পী দিৱসৰ অনুষ্ঠানত এই বঁটাসমূহ আগবঢ়ায় সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই (Minister Bimal Bora distributed cultural awards) । উক্ত বঁটাসমূহত আছে এখন মানপত্ৰ, অংগ বস্ত্ৰ, শৰাই, সম্বৰ্ধনা-পত্ৰ আৰু নগদ ধন । আনহাতে, আজিৰ অনুষ্ঠানতেই ৰাজ্যৰ ৫০ গৰাকী শিল্পীক শিল্পী পেঞ্চন আৰু ১৫২ গৰাকীক বাৰ্ষিক শিল্পী পেঞ্চন প্ৰদান কৰা হয় ।
আজি কেন্দ্ৰীয়ভাৱে আয়োজন কৰা শিল্পী দিৱসত ভাষণ প্ৰদান কৰি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই শিল্পীগৰাকী আৰ্দশেৰে অনুপ্ৰাণিত হৈ এখন সুকীয়া অসম প্ৰতিষ্ঠা কৰিবলৈ সকলোকে আহ্বান জনায় । জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো জাতি-জনগোষ্ঠীক ইয়াৰ অংশীদাৰ হ'বলৈও আহ্বান জনায় । আজিৰ অনুষ্ঠানতেই মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজি আৰু কৰ্মৰাজিৰ ওপৰতো আলোকপাত কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে, এনেধৰণ বঁটা প্ৰদানে শিল্পীসকলক আগৱাঢ়ি যোৱাত সহায় কৰিব বুলি বঁটাপ্ৰাপকসকলে মত প্ৰকাশ কৰে ।
আজি যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত শিল্পী দিৱসত উপস্থিত থাকে যোৰহাট সদৰ সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজোতি কুৰ্মী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উচ্চপদস্থ বিষয়াসকল ।
লগতে পঢ়ক :Bodo Sahitya Sabha Laikhuta: ৬২ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ লাইখুঁটা স্থাপন