ETV Bharat / state

অবৈধ কয়লা খননৰ বিৰুদ্ধে তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - যুৱ ছাত্ৰ পৰিষদ

তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ ৷ নগা পাহাৰৰ অবৈধ কয়লাখননৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

massive-protest-in-jorhat-titabor
অবৈধ কয়লা খননৰ বিৰুদ্ধে তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Dec 30, 2020, 9:48 PM IST

তিতাবৰ, 30 ডিচেম্বৰ : বুধবাৰে বেকাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শাখা সমিতি আৰু বেকাজনবাসী ৰাইজৰ উদ্যোগ এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় । নগা পাহাৰৰ অবৈধ কয়লাখনিৰ ফলত বেকাজান অঞ্চলত পাঁচখন গাঁৱৰ ৰাইজৰ কৃষিভূমি তথা ৰাজহুৱা ক্ষতি হোৱাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে প্ৰতিবাদকাৰীয়ে ৷

massive-protest-in-jorhat-titabor
অবৈধ কয়লা খননৰ বিৰুদ্ধে তিতাবৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

অভিযোগ অনুসৰি, বিগত তিনিবছৰ ধৰি গাঁৱৰ কৃষিভূমিত একো শস্য উৎপাদন কৰিব পৰা নাই বেকাজানবাসীয়ে । এই সন্দৰ্ভত জিলা প্ৰশাসনক বাৰাম্বাৰ অৱগত কৰাৰ পিচতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷

উল্লেখ্য যে, প্ৰতিবাদস্থলীত তিতাবৰ মহকুমা দণ্ডাধীশ উপস্থিত হোৱাৰ পিচত প্ৰতিবাদকাৰীয়ে 10 দফীয়া দাবী স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : সত্যৰঞ্জন বৰাক উভতি ধৰিলে মুক্তাৰ হুছেইন খানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.