টীয়ক,14 ছেপ্তেম্বৰ : টীয়কত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ উদ্যোগত সোমবাৰে টীয়ক আৰক্ষী থানাৰ সমীপত বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ হাতে হাতে বেনাৰ,প্লে'কাৰ্ড লৈ শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী ৰাইজৰ অভিযোগ অনুসৰি,নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,কৃষক নেতা অখিল গগৈক অতিশীঘ্ৰে মুক্তি দিয়ক তথা টীয়ক আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে ৷
চৰকাৰ তথা প্ৰশাসন যন্ত্ৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানৰে প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ দাবী সমূহ মানি ল'বলৈ আহ্বান জনাইছে অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে ৷
লগতে পঢ়ক : সাংবাদিকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে আৰক্ষী জোৱানে