ETV Bharat / state

চৰকাৰী নিয়মক ভেঙুচালি কৰা যোৰহাটৰ এখন বজাৰ

author img

By

Published : Jun 11, 2020, 1:22 PM IST

চৰকাৰে জনজীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে যদিও, জাৰি কৰিছে কেতবোৰ নীতি-নিয়ম ৷ কিন্তু চৰকাৰী নিয়মক উলংঘা কৰাৰা অভিযোগ উত্থাপন হৈছে যোৰহাটৰ নিউ ভিল ৰোডৰ বজাৰৰ ব্যৱসায়ী-গ্ৰাহক সকলৰ বিৰুদ্ধে ৷

mass gathering in a market in jorhat
mass gathering in a market in jorhat

যোৰহাট. 11 জুনঃ ৰাজ্যতে এতিয়াও কৰ'ণাৰ আতংক মাৰ যোৱা নাই যদিও, চৰকাৰে জনজীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে ৷ কিন্তু চৰকাৰে ইয়াতো নিৰ্ধাৰণ কৰি দিছে কেতবোৰ নীতি-নিয়ম ৷ দৈনিক বজাৰ খুলিবলৈ অনুমতি প্ৰদান কৰিছে যদিও, সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে মাস্ক পৰিধান কৰোটো বাধ্যতামূলক কৰিছে ৷ কিন্তু যোৰহাটৰ এখন বজাৰত দৈনিক পুৱাৰ ভাগতে পৰিলক্ষিত হয় ব্যপক ভিৰ ৷ অভিযোগ অনুসৰি, চহৰখনৰ নিউ ভিল ৰোডৰ বজাৰ খনত পাচলি ব্যৱসায়ী সকলৰ লগতে গ্ৰাহকেও নামানে কোনো ধৰণৰ চৰকাৰী নিয়ম ৷

চৰকাৰী নিয়মক ভেঙুচালি কৰা যোৰহাটৰ এখন বজাৰ
ব্যৱসায়ী সকলৰ লগতে গ্ৰাহকেও নামানে কোনো ধৰণৰ চৰকাৰী নিয়ম

যোৰহাট জিলা প্ৰশাসনে বজাৰ সম্পূৰ্ণ খোলাৰ অনুমতি দিয়াৰ সমান্তৰালকৈ কেতবোৰ নীতি-নিয়ম জাৰি কৰিছিল ৷ কিন্তু এতিয়া চৰকাৰী নীতি-নিয়মক ভেঙুচালি কৰা দেখা গৈছে একাংশ গ্ৰাহক-ব্যৱসায়ীয়ে ৷ ইতিমধ্যে ৰাজ্যত কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ৩২৮৫ গৰাকীলৈ ৷ গুৱাহাটী দৰে চহৰত সামাজিক সংক্ৰমণ হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে ৷ তেনেস্থলত যোৰহাটৰ দৈনিক বজাৰৰ পৰিৱেশে সচেতন ৰাইজৰ মনত সৃষ্টি কৰিছে আশংকাৰ ৷

লগতে পঢ়কঃ দৰঙত ১৪ গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.