ETV Bharat / state

মৰিয়নীত আৰক্ষীৰ সন্মুখতে নিৰ্বিঘ্নে চলিছে সাপ্তাহিক বজাৰ

মৰিয়নী আৰক্ষীৰ সন্মুখতে নিৰ্বিঘ্নে চলি আছে সাপ্তাহিক বজাৰ ৷ আনলক 4 সময়ছোৱাত চৰকাৰে সাপ্তাহিক হাট-বজাৰসমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও মৰিয়নীত একংশ ব্যৱসায়ীয়ে উলংঘা কৰিছে চৰকাৰী নিয়মাৱলী ৷

Mariyani COVID 19 protocol violation
মৰিয়নীত আৰক্ষীৰ সন্মুখতে নিৰ্বিঘ্নে চলিছে সাপ্তাহিক বজাৰ
author img

By

Published : Sep 13, 2020, 7:37 PM IST

মৰিয়নী, 13 ছেপ্তেম্বৰঃ ৰাজ্যজুৰি বৃদ্ধি পোৱা কোভিড-19ৰ ভয়াৱহতাৰ বাবে চৰকাৰে বিভিন্ন দিশত আৰোপ কৰিছে কঠোৰ নিয়মাৱলী ৷ সমান্তৰালকৈ দেশজুৰি চলি থকা আনলক 4 সময়ত বহু ক্ষেত্ৰত শিথিলতাও প্ৰদান কৰা হৈছে যদিও একাংশ দায়িত্বজ্ঞানহীন লোকে নূন্যতম সাৱধানতাখিনিও অৱলম্বন কৰাৰ পৰা বিৰত থকা দেখা গৈছে ৷ একে দৃশ্য দেখিবলৈ পোৱা গৈছে মৰিয়নীত ৷ চৰকাৰে বান্ধি দিয়া কোনো নীতি-নিৰ্দেশনা মানি চলা হোৱা নাই মৰিয়নীত ৷

আনলক 4 সময়ছোৱাত চৰকাৰে সাপ্তাহিক হাট-বজাৰসমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও মৰিয়নী আৰক্ষীৰ সন্মুখতে নিৰ্বিঘ্নে চলি আছে বজাৰ ৷ ঠায়ে ঠায়ে আৰক্ষী তথা অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়ন কৰা হৈছে যদিও তেওঁলোকৰ সন্মুখতে মাস্ক পৰিধান নকৰাকৈ একংশ ব্যৱসায়ীয়ে চলাই গৈছে সাপ্তাহিক বাজৰ ৷

মৰিয়নীত চৰকাৰী নিয়মাবলী উলংঘন কৰি চলি আছে সাপ্তাহিক বজাৰ

ইতিমধ্যে চহৰখনত কোভিড-19ত আক্ৰান্ত হৈ 6 জনকৈ লোকৰ মৃত্যু হোৱাৰ উপৰিও কোভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে 300ৰ ঘৰ ৷ কিন্তু অসচেতন এইসকলৰ লোকৰ কাৰ্যকলাপক লৈ এতিয়া চিন্তিত হৈ পৰিছে চহৰখনৰ সচেতন মহল ৷ আনহাতে,আৰক্ষীৰ সন্মুখতে চলা এই বজাৰসমূহ নিয়ন্ত্ৰণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰা কথায়ো আৰক্ষীৰ সোপাধিলা মনোভাৱকে উদঙাই দিছে ৷

লগতে পঢ়ক-এতিয়াৰে পৰা ড্ৰাগছ ব্যৱসায়ীয়ে সহজতে নাপাব জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.