মৰিয়নী, 20 জুলাই : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 15 তম প্ৰতিষ্ঠা দিৱসৰ দিনা মৰিয়নীত সদস্য সকলে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ভূঁই ৰুই অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নী আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়া,জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নী আঞ্চলিকৰ বিষয়ববীয়া সকলৰ লগতে প্ৰায় অৰ্ধ-শতাধিক স্থানীয় লোকৰ উপস্থিতিত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷
উল্লেখ্য যে,প্ৰায় 25 বিঘা মাটিত খেতি কৰিবলৈ আগবাঢ়ি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিয়নী আঞ্চলিক সমিতিয়ে বোকা মাটি গচকি পথাৰৰ মাজৰ পৰা অখিলৰ মুক্তিৰ দাবী জনায়। বিহু নাচ,গানেৰে আৰম্ভ হোৱা এই ন-ভূঁই অনুষ্ঠানতে চৰকাৰ বিৰোধী শ্লো'গানেৰে সদস্য সকলে অনতিপলমে নেতা গৰাকীক মুকলি কৰি দিয়াৰ দাবী জনায় ৷
আনহাতে,প্ৰায় 200 দিনৰো অধিক সময় চৰকাৰে অখিল গগৈক মাওবাদী সজাই জেল হাজোতত ৰখাৰ বাবে ক্ষোভ প্ৰকাশ কৰি অখিল গগৈ জিন্দাবাদ,হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ,আৰ এছ এছ মূর্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক : লাওখোৱা অভয়াৰণ্যৰ বনৰীয়া হাতী সোমালেহি ৰাইদঙীয়াৰ জনাঞ্চলত