মৰিয়নী,২৬ এপ্ৰিল : মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাৰ এটা পকী পথ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাৰ শ্ৰমিক লাইনলৈ যোৱা মূল পথটি তিনিমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল । প্ৰায় ৮০ লাখ টকাৰ ব্যয় সাপেক্ষে পেভাৰ ব্লকৰে নিৰ্মাণ সম্পূৰ্ণ কৰি ওলোৱা পথটিৰ তিনিমান নহওঁতে খহি পৰে পথটোৰ আধা অংশ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অতি নিম্নমানদণ্ডৰে নিৰ্মাণ কৰা হৈছিল এই পথটি । আনকি এই গাঁতটোৰ বাবে কেইবাটাও শিশু আঘাতপ্ৰাপ্ত হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।
মৰিয়নীত নিৰ্মাণৰ তিনিমাহৰ পাছতে খহি পৰিল পকী পথ - আঘাতপ্ৰাপ্ত
মৰিয়নী কঁঠালগুৰি চাহ বাগিচাত তিনিমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এটা পথ, কিন্তু তিনিমাহৰ পাছতেই খহি পৰিল পথটোৰ আধা অংশ
মৰিয়নী,২৬ এপ্ৰিল : মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাৰ এটা পকী পথ । প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাৰ শ্ৰমিক লাইনলৈ যোৱা মূল পথটি তিনিমাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল । প্ৰায় ৮০ লাখ টকাৰ ব্যয় সাপেক্ষে পেভাৰ ব্লকৰে নিৰ্মাণ সম্পূৰ্ণ কৰি ওলোৱা পথটিৰ তিনিমান নহওঁতে খহি পৰে পথটোৰ আধা অংশ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অতি নিম্নমানদণ্ডৰে নিৰ্মাণ কৰা হৈছিল এই পথটি । আনকি এই গাঁতটোৰ বাবে কেইবাটাও শিশু আঘাতপ্ৰাপ্ত হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।
Body:MARIANI PMGSY ROAD.
নিৰ্মাণৰ তিনিমাহৰ পাছতে খহি গল পকী পথ.
চৰকাৰে ৰাইজৰ বাবে নতুন নতুন আঁচনি ঘোষণা কৰি আছে যদিও সেই সমূহ আঁচনি প্ৰকৃততে সঠিকভাবে ৰূপায়ন হৈছেনে সেইয়া চাবলৈ আজৰি নাই বিভাগীয় কৰ্তৃপক্ষৰ।এনে আঁচনিৰ অন্তৰ্গত এটা পথ নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনি মাহৰ পাছতে খহি সৃষ্টি হল প্ৰকাণ্ড গাঁতৰ। মৰিয়নীৰ কঁঠালগুৰি চাহ বাগিচাৰ শ্ৰমিক লাইনলৈ যোৱা মূল পথটি প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অন্তৰ্গত ১.১০কি মি পথ নিৰ্মান কৰিছিল। প্ৰায় ৮০ লাখ টকাৰ ব্যয় সাপেক্ষে পেভাৰ ব্লকৰে নিৰ্মান সম্পূৰ্ণ কৰি ওলোৱা পথটিৰ তিনিমান নহওঁতে খহি গল। অতি নিম্নমানদণ্ডৰে নিৰ্মিত এই পথটিৰ মাজত এটা প্ৰকাণ্ড গাঁত সৃষ্টি হোৱাত কেইবাটাও শিশু এই গাঁতত পৰি আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পাৰি। এই সন্দৰ্ভত ক্ষোভিত ৰাইজে এইদৰে জনাই।
Bite
RANJIT BORAH
MARIANIConclusion: