ETV Bharat / state

মৰিয়নীত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

জনবহুল এলেকাত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰাক লৈ তীব্ৰ অসন্তুষ্টি মৰিয়নীত । কাটনীবাৰী প্ৰাথমিক বিদ্যালয়ত নতুনকৈ কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিবৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ হেতু ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী ৷

মৰিয়নীত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
মৰিয়নীত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া
author img

By

Published : May 30, 2020, 12:22 PM IST

মৰিয়নী, 30 মে’: মৰিয়নীৰ কাটনীবাৰী চাহ বাগিচাৰ জনবসতি এলেকাত নতুনকৈ স্থাপন কৰিবলৈ লোৱা এটা কোৱাৰেণ্টাইন কেন্দ্ৰক লৈ শুকুৰবাৰে তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । কাটনীবাৰী চাহ বাগিচাৰ কাটনীবাৰী প্ৰাথমিক বিদ্যালয়ত নতুনকৈ কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰিবৰ বাবে জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰাৰ পিছতেই জাঙুৰ খাই উঠে স্থানীয় ৰাইজ । কিয়নো, জনবহুল এলেকাত থকা এই বিদ্যালয়খনৰ গাতে লাগি আছে বহুকেইটা পৰিয়ালৰ বাসগৃহ ।

ৰাইজে আশংকা প্ৰকাশ কৰা মতে, বিদ্যালয়খনত স্থাপন কৰা কেন্দ্ৰটোত কোৱাৰেণ্টাইন কৰা কোনো ব্যক্তি যদি কোভিড-19ত সংক্ৰমিত হয় তেন্তে অঞ্চলটোৰ বেছিসংখ্যক লোক কৰ’ণাত আক্ৰান্ত হ’ব । ইয়াকে লৈ তীব্ৰ বিৰোধিতা কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে স্থানীয় ৰাইজে । আনহাতে স্থানীয় লোকৰ মতে, এটা কোৱাৰেণ্টাইন কেন্দ্ৰ থাকিব লগা নূন্যতম সুবিধা এই বিদ্যালয়খনত নাই ।

মৰিয়নীত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ইফালে, পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ দল । আৰক্ষীৰ উপস্থিতিত উত্তেজনা কিছু পৰিমাণে কম হয় যদিও জিলা প্ৰশাসনক এনে জনবহুল এলেকাত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপনৰ নিৰ্দেশ বাতিল কৰিবলৈ আবেদন জনায় অঞ্চলবাসীয়ে ।

লগতে পঢ়ক: মহানগৰীৰ চিটি বাছৰ চালক আৰু হেণ্ডিমেনৰ শোচনীয় অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.