ETV Bharat / state

মৰিয়নীত আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উদযাপন - জৈৱিক চাহ

মৰিয়নীত উদযাপন আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস ৷ ৫০ হাজাৰ মূল্যৰ জৈৱিক চাহ বিলালে খেতিয়কে ৰাইজক ৷

Mariani international Tea day calibration
আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উদযাৰ্পন
author img

By

Published : May 21, 2020, 4:47 PM IST

মৰিয়নী,21মেঃ বিশ্বৰ চাহ উদ্যোগৰ প্ৰসাৰৰ বাবে পালন কৰা হয় আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস । চাহ দিৱস উপলক্ষে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ সম্পাদক তথা বিশিষ্ট জৈৱিক চাহ খেতিয়ক অচ্যুপ্ৰসাদ গগৈয়ে তেখেতৰ পুঞ্জয় অৰ্গেনিকৰ উদ্যোগত বিনামুলীয়া ভাবে বৃহস্পতিবাৰে বিতৰন কৰে প্ৰায় ৫০ হেজাৰ মুল্যৰ জৈৱিক চাহৰ পেকেট । মৰিয়নী সমষ্টিৰ চেলেংহাট নামচেচুত পুঞ্জয় অৰ্গেনিক নামেৰে নিজ গৃহত জৈৱিক চাহ উৎপাদন কৰি আহিছে সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘ চমুকৈ চিষ্টাৰ সম্পাদক তথা সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সহকাৰী সম্পাদক অচ্যুপ্ৰসাদ গগৈয়ে ।

Mariani international Tea day calibration
আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উদযাৰ্পন

বিশ্ব চাহ দিৱসৰ লগত সংগতি ৰাখি জৈৱিক চাহৰ লগতে বিনামুলীয়াকৈ মাস্ক বিতৰন কৰে ক্ষুদ্ৰ চাহ খেতিয়কজনে।জৈৱিক চাহ বিতৰনৰ কাৰ্যসূচী মুকলি কৰে পূব যোৰহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া সাধনা কাথাপিয়ে।বিশ্ব চাহ দিৱসৰ দিনাই ক্ষুদ্ৰ চাহ খেতিয়কে পুঞ্জয় অৰ্গনেকিৰ এটা থিম চং মুকলি কৰে যোৰহাটত টি বৰ্ডৰ সহকাৰী সঞ্চালক ৰিতুৰাজ হাজৰিকাই ।

আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱস উদযাৰ্পন

আনহাতে অতিথি সকলক গামোচাৰ পৰিবৰ্তে চাহৰ কুঁহি পাতেৰে তৈয়াৰ কৰা একোডাল মালাৰে সম্বৰ্ধনা জনোৱা হয় । কৰ‘ণা ভাইৰাচৰ সংক্ৰমনৰ সময়ত জৈৱিক চাহ সেৱনৰ জৰিয়তে মানৱজাতিয়ে নিজৰ দেহৰ প্ৰতিৰোধ শক্তি বৃদ্ধিত সহায়কৰূপে পৰিগনিত হোৱাতো আশাব্যঞ্জক বুলি অভিহিত কৰে চাহ খেতিয়ক অচ্যুপ্ৰসাদ গগৈয়ে ।

লগতে পঢ়কঃ কৰ'ণা ৰোগীৰ চিকিৎসা সন্দৰ্ভত ডাঃ অভিজিৎ শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.