ETV Bharat / state

২০১৯-২০ বৰ্ষৰ বাবে সাজু হৈছে হেঙুল থিয়েটাৰ

বৃহস্পতিবাৰে মৰিয়নীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় হেঙুল থিয়েটাৰৰ শুভ মহুৰত ।

author img

By

Published : Jul 5, 2019, 9:42 PM IST

Updated : Jul 5, 2019, 10:55 PM IST

২০১৯-২০ বৰ্ষৰ বাবে সাজু হৈছে হেঙুল থিয়েটাৰ

মৰিয়নী,৫ জুলাইঃ অসমৰ ভ্ৰাম্যমাণ জগতৰ এখন প্ৰসিদ্ধ থিয়েটাৰ হেঙুল থিয়েটাৰ সাজু হৈছে ২০১৯-২০ বৰ্ষৰ বাবে । বৃহস্পতিবাৰে মৰিয়নীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় হেঙুল থিয়েটাৰৰ শুভ মহুৰত । নটৰাজৰ মূৰ্তিত মাংগলিক কাম-কাজ সম্পূৰ্ণ কৰি মুকলি কৰে হিমাংশু প্ৰসাদৰ নাট "মিছ ৰুক্মিণী হৰণ"ৰ আখৰা । সন্ধিয়া অতিথি চিনাকি পৰ্বৰ লগতে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠানো ।

Intro:Mariani Hengool theater opening

অসমৰ ভ্ৰাম্যমাণ জগতৰ অন্য এটি নাম হেঙুল থিয়েটাৰ। প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ স্মৃতি বীজড়িত এই হেঙুল থিয়েটাৰৰ বৃহস্পতি বাৰে সন্ধিয়া শুভমূহুৰত অনুষ্ঠিত হয় মৰিয়নীস্থিত মুখ্য কাৰ্য্যালয়ত। পুৱাৰ ভাগত নটৰাজৰ মূৰ্তিত মংগলিক কামকাজ সম্পূৰ্ণ কৰি হিমাংশু প্ৰসাদৰ "মিছ ৰুক্মিণী হৰণ" নাট মুকলি কৰি শুভমূহুৰত কৰে। অন্যহাতে সন্ধিয়াভাগত এই শুভমূহুৰত অনুষ্ঠানৰ লগত সংগতি ৰাখি এই মৰিয়নীস্থিত মুখ্য কাৰ্যালয়ত সন্ধিয়া অতিথি চিনাকি পৰ্বৰ লগতে সাংস্কৃতিক বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত অসমৰ সাংস্কৃতিক জগতৰ অন্যতম সুৰকাৰ তথা সংগীতকাৰ জয়ন্ত নাথ , বিশিষ্ট অভিনেতা ৰাজীৱ গোস্বামী, সৰুপৰ্দাৰ অভিনেতা পবিত্ৰ বৰুৱাকে আদি কৰি অসমৰ সংস্কৃতি জগতৰ বহুকেইজন কাণ্ডাৰী এই অনুষ্ঠানত উপস্থিত থাকে। প্ৰয়াত প্ৰশান্ত হাজৰিকা আৰু ইলা কাকতিৰ সুযোগ্য সন্তান সংকল্পজিত হাজৰিকাৰ প্ৰযোজনা আৰু পংকজ হাজৰিকাৰ পৰিকল্পনাত এইবাৰ হেঙুলৰ ৩৪ সংখ্যক নাট্যবৰ্ষত ৰাজদ্বীপৰ "বাহাদুৰ" , প্ৰণৱ বৰুৱাৰ "চুম্বক", আৰু হিমাংশু প্ৰসাদৰ "মিছ ৰুক্মিণী হৰণ" এই তিনিখন নাট হেঙুলৰ মঞ্চত মঞ্চস্ত হব।অহা আগষ্ট মাহৰ ২১ তাৰিখে মৰিয়নীত নাটসমূহ মঞ্চস্ত কৰাৰ পাছত অসমৰ ভিন্ন প্ৰান্তৰ দৰ্শকৰ বাবে মুকলি কৰিব দিব।এইবাৰ হেঙুল থিয়েটাৰৰ মূল আকৰ্ষণ হিচাপে অসমৰ জনপ্ৰিয় অভিনেতা প্ৰসেনজিত আৰু তেওঁৰ পত্নী নির্মালী এছ বৰা সহিতে, জনপ্ৰিয় অভিনেত্ৰী দেৱশ্ৰী দাস, জনপ্ৰিয় অভিনেতা কল্যান , মহেশ কে আদি কৰি বহুকেইজন ন পুৰণি নাট্যযোদ্ধা সাজু হৈছে। এই সন্দৰ্ভত জনপ্ৰিয় অভিনেতা প্ৰসেনজিতৰ মন্তব্য এনেদৰে।
Bite :- prosenjit
Bite :- sankolpojit.

অন্যহাতে শেহতীয়াকৈ ভ্ৰাম্যমান জগতত প্ৰযোজক পৰিচালক আৰু অভিনেতা অভিনেত্ৰীৰ মাজত যি মনোমলিন্য ঘটি আছে সেই সন্দৰ্ভত মুখ খুলিল প্ৰযোজক সংকল্পজিত আৰু অভিনেতা প্ৰসেনজিতে

Ranjit Borah
MarianiBody:Mariani Hengool theater opening

MarianiConclusion:
Last Updated : Jul 5, 2019, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.