ETV Bharat / state

হাতীৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা বনকৰ্মীৰ - বনকৰ্মীজন মৰিয়নী চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন

মৰিয়নীত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন বনকৰ্মী ৷ বৰ্তমান বনকৰ্মীজন মৰিয়নী চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷

হাতীৰ আক্ৰমণ কথমপি প্ৰাণৰক্ষা বনকৰ্মীৰ!
author img

By

Published : Oct 31, 2019, 5:21 AM IST

Updated : Oct 31, 2019, 7:58 AM IST

মৰিয়নী,30 অক্টোবৰ : মৰিয়নীত বন্যবস্তীৰ তাণ্ডৱ ৷ বন্যবস্তীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন বনকৰ্মী ৷ খাদ্যৰ সন্ধানত মৰিয়নী হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা জলাঞ্চলত প্ৰৱেশ কৰে এটা বন্যহস্তীৰ দল ৷ বন্যহস্তীৰ দলটোৱে মৰিয়নীৰ পুখুৰীয়া,কাটনিবাৰী, কাঠকতীয়া,ডকলঙিয়া,খৰিকতীয়া আদি অঞ্চলত উপদ্ৰৱ চলায় ৷ বন্যহস্তীৰ উপদ্ৰৱৰ পৰা হাত সাৰিবলৈ বন বিভাগক খবৰ দিয়ে অঞ্চলবাসীয়ে ৷ ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ বন্যহস্তীৰ জাকটোক অভয়াৰণ্যলৈ খেদি পঠিয়াবলৈ চেষ্টা চলায় ৷ কিন্তু সেই সময়তে দুজন বনকৰ্মীৰ ওপৰত বন্যহস্তীৰ জাকটোৱে আক্ৰমণৰ চেষ্টা চলায় ৷ নিজৰ প্ৰাণ ৰক্ষাৰ বাবে বনকৰ্মী বীৰেন কলিতা আৰু কল্যাণ ভূঞাই পথাৰত শুই দিয়ে ৷ প্ৰায় এঘণ্টা সময় পথাৰতে শুই থাকে বনকৰ্মী দুজনে ৷ পিচত বনকৰ্মী দুজনক স্থানীয় লোকে উদ্ধাৰ কৰে ৷ ইয়াৰে কল্যাণ ভূঞা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱাত স্থানীয় ৰাইজে মৰিয়নী চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰে ৷

হাতীৰ আক্ৰমণ কথমপি প্ৰাণৰক্ষা বনকৰ্মীৰ!

লগতে চাওকঃ ETV গুৱাহাটীত প্ৰধানমন্ত্ৰী আৱাস যোজনা চহৰাঞ্চল আঁচনিৰ শুভ উদ্বোধন

Intro:MARIANI ELEPHANT TERROR

হাতীৰ আক্ৰমণ কথমপি প্ৰাণৰক্ষা বনকৰ্মী: গুৰুতৰ ভাবে আহত এজন।

মৰিয়নী হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীৰ বৃহৎ পালে মৰিয়নীৰ দাঁতিকাষৰীয়া অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে। আজি সন্ধিয়া অভয়াৰণ্যখনৰ পৰা বন্যহস্তীৰ এটা বৃহৎ পাল কেইবাটাও ভাগত বিভক্ত হৈ মৰিয়নীৰ পুখুৰীয়া, কাটনিবাৰী, কাঠকতীয়া, ডকলঙিয়া , খৰিকতীয়া আদি অঞ্চলত উপদ্ৰৱ চলায়। বন্যহস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ সেই অঞ্চল সমূহত মৰিয়নী আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ বনকৰ্মী উপস্থিত হয়। হাতীৰ পালটোক অভয়াৰণ্য খনলৈ ওভতাই পঠাবলৈ চেষ্টা কৰি থকাৰ সময়তে দুজন বনকৰ্মী হাতীৰ সন্মুখীন হয়। হঠাৎ এটা হাতী বনকৰ্মী বীৰেন কলিতা আৰু কল্যান ভূঞাৰ সন্মুখত অতৰ্কিটে উপস্থিত হোৱাত হতভম্ব হৈ পৰে তেওঁলোক দুজন। নিজৰ সন্মুখত নিৰ্ঘাত মৃত্যুক দেখা পাই দুয়োজন বনকৰ্মী পথাৰত শুই পৰে। প্ৰায় এঘণ্টা সময় এনেদৰে পৰি থকাৰ পাছত অন্য বনকৰ্মীৰ লগতে ৰাইজে তেওঁলোকক উদ্ধাৰ কৰে । ইয়াৰে কল্যান ভূঞা গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱাত স্থানীয় ৰাইজে মৰিয়নী চৰকাৰী চিকিৎসালয়ত চিকিৎসা প্ৰদান বাবে পঠাই দিয়ে । এই সন্দৰ্ভত কল্যান ভূঞাৰ মুখেৰে শুনক কিদৰে তেওঁ মৃত্যু মুখৰ পৰা কথমপি ৰক্ষা পৰে।

Ranjit Borah
MarianiBody:MARIANI ELEPHANT TERROR

MarianiConclusion:
Last Updated : Oct 31, 2019, 7:58 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.