ETV Bharat / state

Majestic River Island Majuli: মাজুলীলৈ আগমন বহু দেশী-বিদেশী পৰ্যটকৰ

শৰৎ ৷ শৰৎ বুলি ক’লেই উথপ-থপ হৈ পৰে মাজুলী ৷ কিয়নো ৰাস মহোৎসৱৰ মধু পান কৰিবলৈ দেশী-বিদেশী আলহীৰ সমাগম ঘটে সত্ৰ নগৰী মাজুলীত (Raas Festival in Majuli) ৷ অন্যবাৰৰ দৰে এইবছৰো মাজুলীলৈ সমাগম ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ ৷ ফলত উৎফুল্লিত হৈ পৰিছে মাজুলীবাসীৰ ৷

Many domestic and foreign tourists gather in Majuli
মাজুলীলৈ সমাগম ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ
author img

By

Published : Oct 21, 2022, 9:43 PM IST

মাজুলী, 21 অক্টোবৰ : এতিয়া শৰতৰ বতৰ (Autumn weather) ৷ নিয়ৰৰ দলিচাৰ মাজেৰে আনবেলিৰ দৰে এইবেলিও শৰতে কঢ়িয়াই আনিছিল আবেগৰ বতৰা, মন প্ৰাণ চঞ্চলা কৰি তুলা এটি পৰিৱেশ ৷ সমান্তৰালকৈ প্ৰকৃতিয়েও যেন উন্মনা কৰি তুলিলে সকলোৰে মন প্ৰাণ ৷

ইফালে শৰৎ বুলি ক’লেই সকলোৰে মনলৈ আহে ৰাসৰ প্ৰসংগ ৷ ৰাস হৈছে অসমবাসীৰ প্ৰাণ, অসমীয়া চিনাকি ৷ ৰাসৰ প্ৰতিটো ধ্বনিয়ে প্ৰতিজন স্বাভিমানী অসমীয়াৰ হৃদয়ত তোলে আলোড়ন ৷ শৰৎ বুলি ক’লেই সততে মনলৈ আহে মাজুলীৰ পৰিৱেশ (Raas Festival in Majuli) ৷ মাজুলী এতিয়া ফুল যৌৱনা গাভৰু ৷

শৰতৰ আগমনৰ সমান্তৰালকৈ মাজুলীলৈ আগমন ঘটিছে বহু পযটকৰ (Tourists gather in Majuli) । স্বাভাৱিকতে শৰৎ বুলিলেই মাজুলীৰ ৰাস মহোৎসৱ, পাল নামৰ কথাই পোন প্ৰথমে মনলৈ আহে । শৰতৰ পূৰ্ণিমাৰ জোনাকেও যেন প্ৰতি নিশাই জিলিকাই ৰাখে মাজুলীৰ বুকু ৷ এয়াই মাজুলী (Majestic River Island Majuli) ৷

মাজুলীলৈ সমাগম ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ

লগতে পঢ়ক : World Tourism Day 2022 : কলিয়াবৰত আছে পৰ্যটনৰ সীমাহীন সমল

শৰতৰ স্নিগ্ধ জোনাক নিশা পদুলিয়ে পদুলিয়ে আমোলমোল তলশৰা শেৱালিৰ গোন্ধ ৷ শৰৎ মানেই শইচ সম্ভৱা সেউজীয়া পথাৰ কিম্বা শুভ্ৰ কঁহুৱাৰ মিচিকিয়া আহ্বান । শুভ্ৰ কঁহুৱাৰ ফুলৰ নাচোনত আকৰ্ষণীয় হৈ উঠিছে মাজুলীৰ সৌন্দৰ্য । অনুপম মাজুলীৰ সৌন্দৰ্যই হাত বাউল দি মাতিছে দেশী বিদেশী পযটকক ।

এই সময়ছোৱাত আগমন ঘটিছে হাজাৰ হাজাৰ দেশী-বিদেশী পযটকৰ । যোৱা দুটাকৈ বছৰত ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ বাবে মাজুলীৰ লগতে অসমৰ বিভিন্ন ঠাইলৈ পৰ্যটকৰ আগমন হোৱা নাছিল । এইবছৰ ক’ভিডৰ ভয়াৱহতা হ্ৰাস পোৱাৰ অন্তত পৰিস্থিতি স্বাভাৱিক হৈ পৰাত অসমৰ বিভিন্ন ঠাইৰ লগতে মাজুলীলৈ আগমন ঘটিছে বহু দেশী বিদেশী পযটকৰ ।

যিটো পযটন ক্ষেত্ৰখনৰ বাবে এটা শুভ লক্ষণ ৷ যোৱা দুটাকৈ বছৰত অসমৰ পৰ্যটন ক্ষেত্ৰখন প্ৰায় মৃতপায় অৱস্থাত আছিল । সেয়ে শৰতৰ আগমনত প্ৰাণ চঞ্চলা কঁহুৱাৰ নাচোনে এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে মাজুলীলৈ ।

লগতে পঢ়ক : কাৰ্বি পাহাৰৰ কৃষকৰ বন্ধু ক্লং ক্লং আপুনি চিনি পাই নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.