যোৰহাট, 17 চেপ্তেম্বৰঃ যোৰহাটত সংঘটিত হৈছে লোমহর্ষক হত্যাকাণ্ড৷ অবৈধ সুৰা বন্ধ কৰিবলৈ গৈ প্ৰাণ গ'ল এজন লোকৰ ৷ সোমবাৰে নিশা যোৰহাটত সংঘটিত হয় এই ঘটনা ৷
ইতিমধ্যে ঘটনা সম্পৰ্কত যোৰহাট আৰক্ষীয়ে আটক কৰিছে বগাই নামৰ এটা মদ সুৰা ব্যৱসায়ীক ৷ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সুৰা ব্যৱসায়ীক ৷ চহৰখনৰ মাজমজিয়াত হোৱা এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ চহৰখ। আৰক্ষীৰ দূৰ্বল ভূমিকাৰ বাবেই এনেদৰে চহৰৰ মাজমজিয়াত অবৈধভাৱে মদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল যদিও আৰক্ষীয়ে গুৰুত্ব আৰোপ নকৰাৰ ফলতে এন ঘটনা সংঘটিত হ'বলৈ পালে বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷