টীয়ক, 28 জানুৱাৰী: যোৰহাট জিলাৰ টীয়কৰ বনাইত যোৰহাট জিলা চুতীয়া যুৱ সন্মিলন আৰু বনাই আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ উদ্যোগত বাৰেঘৰ শাখা সমিতিৰ সহযোগত চুতীয়া জাতিৰ পৱিত্ৰ অনুষ্ঠান মাঘী উৎসৱ দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৷
উৎসৱৰ প্ৰথম দিনটোত সদৌ যোৰহাট জিলাৰ চুতীয়া যুৱ সন্মিলনৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয় আৰু বৃহস্পতিবাৰে অৰ্থাৎ উৎসৱৰ দ্বিতীয় দিনটোত পৱিত্ৰ দেউ কুবেৰ শলিতা লগোৱা সকাম জাতীয় ৰীতি নীতিৰে আয়োজন কৰা হয় ৷
চুতীয়া জাতিৰ অন্যতম গৱেষক প্ৰতাপ নেওগে মূল দেউৰী হিচাপে আঁত ধৰা এই শলিতা লগোৱা পবিত্ৰ অনুষ্ঠানত জিলাখনৰ বহুসংখ্যক চুতীয়া সন্মিলনৰ বিষয়ববীয়াৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷
অসমৰ ভূমিপুত্ৰ চুতীয়াসকলৰ পৰম্পৰাগত ৰীতি নীতি জীয়াই ৰখাৰ স্বাৰ্থত এইদৰে মাঘী উৎসৱৰ আয়োজন কৰা হৈছে বুলি অনুষ্ঠানটোৰ উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক:টীয়কত এজেওৱাইচিপিৰ প্ৰতিবাদ